শিক্ষক অবিহনে চলিছে পৰ্বতঝোৰা শিক্ষা খণ্ডৰ অন্তৰ্গত ৪১৪ নং দুখীসুখী এল পি স্কুল
কোকৰাঝাৰ, ১২ আগষ্ট (হি.স.)। শিক্ষক অবিহনে চলিছে পৰ্বতঝোৰা শিক্ষা খণ্ডৰ অন্তৰ্গত ৪১৪ নং দুখী সুখী এল পি স্কুলখন। ১৯৩০ চনতে স্থাপন কৰা কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা শিক্ষা খণ্ডৰ অন্তৰ্গত ৪১৪ নং দুখীসুখী এল পি স্কুল । প্ৰায় শত বছৰ গৰাকা বিদ্যালয়খন এতিয়া ধ
শিক্ষক অবিহনে চলিছে পৰ্বতঝোৰা শিক্ষা খণ্ডৰ অন্তৰ্গত ৪১৪ নং দুখীসুখী এল পি স্কুল


কোকৰাঝাৰ, ১২ আগষ্ট (হি.স.)। শিক্ষক অবিহনে চলিছে পৰ্বতঝোৰা শিক্ষা খণ্ডৰ অন্তৰ্গত ৪১৪ নং দুখী সুখী এল পি স্কুলখন। ১৯৩০ চনতে স্থাপন কৰা কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা শিক্ষা খণ্ডৰ অন্তৰ্গত ৪১৪ নং দুখীসুখী এল পি স্কুল । প্ৰায় শত বছৰ গৰাকা বিদ্যালয়খন এতিয়া ধ্বংসৰ গৰাহত । বিদ্যালয়ত আছে চাৰিটাকৈ আতক ধুনীয়া গৃহ । এসময়ত দুই তিনি শতাধিক ছাত্ৰ-ছাত্ৰী পাঠ গ্ৰহণ কৰা বিদ্যালয় খনত বৰ্তনাম ছাত্ৰ-ছাত্ৰীৰ সংখ্যা মাত্ৰ ১৩ জন । সেয়াও নিয়মীয়াকৈ নাহে বিদ্যালয়লৈ । কাৰণ বিদ্যালয় খনত নাই কোনো স্থায়ী শিক্ষক ।

এজন শিক্ষকেৰে যোৱা কেইবাবছৰ ধৰি চলি থকা বিদ্যালয় খনৰ একমাত্ৰ শিক্ষক জনকো চলিত বছৰৰ জানুৱাৰী মাহত বিভাগে বদলি কৰে । ফলত শিক্ষক অবিহনে চলি থাকে বিদ্যালয়খন । ওচৰৰ এখন উচ্চ প্ৰাথমিক বিদ্যালয়ৰে ৰাজু ৰায় সৰকাৰ নামৰ এজন শিক্ষকক অস্থায়ী ভাবে বিদ্যালয় খনত নিযুক্তি দিয়ে যদিও শিক্ষক গৰাকীয়ে নিজে চি. আৰ. চি. চি, আৰু বি. এল. অ'. চুপাৰভাইজাৰৰ দায়িত্ব থকাৰ উপৰিও লোকপিয়ল গণনাৰ দায়িত্ব লাভ কৰে । শিক্ষক গৰাকীৰ দায়িত্ব থকা কেইবাটাও বিভাগৰ সমগ্ৰ কাম কৰি ছাত্ৰ-ছাত্ৰীক পাঠদান দিয়াৰ সময় নহয় । আনহাতে শিক্ষক গৰাকী অস্থায়ী হোৱাৰ বাবে মধ্যহ্ন ভোজনৰ পৰাও দীৰ্ঘদিন বঞ্চিত হব লগা হয় ছাত্ৰ-ছাত্ৰী । উপায়ন্তৰ হৈ তথা নিজ লৰা-ছোৱালীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি অভিভাৱক সকলে ব্যক্তিগত বিদ্যালয়লৈ নিজৰ লৰা ছোৱালীৰ নামভৰ্তি কৰাব লগা হৈছে । বিদ্যালয় খনত অতি সোনকালে শিক্ষক নিযুক্তি দিয়াৰ বাবে দাবী জনাইছে স্থানীয় লোকে ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande