
কোকৰাঝাৰ, ১২ আগষ্ট (হি.স.)। পৰ্বতঝোৰা টিপকাইৰ এখন জৰাজীৰ্ণ দলঙে যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগত ভোগাইছে স্থানীয় ৰাইজক।
পৰ্বতঝোৰা শুকানঝোৰা আৰু টিপকাই সংযোগী টিপকাই নৈৰ ওপৰত থকা একমাত্ৰ দলংখন দীৰ্ঘদিন ধৰি ভঙা অৱস্থাত থকাত স্থানীয় জনজীৱন সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে।
দলংখন জহি-খহি জৰাজীৰ্ণ হৈ পৰাৰ ফলত দৈনিক যাতায়াতৰ ক্ষেত্ৰত ৰাইজে চৰম বিপদৰ সন্মুখীন হ’বলগীয়া হৈছে।
স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী আৰু জৰুৰীকালীন ৰোগীক চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰত স্থানীয় ৰাইজে যমৰ যাতনা ভুগিবলগীয়া হৈছে।
বিভিন্ন সময়ত এই ভঙা দলঙেৰে পাৰ হ’বলৈ লওঁতে বহু পথচাৰীৰ লগতে গৰু-ছাগলী নৈৰ পানীত পৰি দুৰ্ঘটনাত পতিত হোৱাৰ বহু উদাহৰণ আছে।
অঞ্চলটোৰ জনসাধাৰণৰ যাতায়াত ব্যৱস্থা সুচল কৰাৰ স্বাৰ্থত বিটিচি চৰকাৰ আৰু জিলা প্ৰশাসনক অতি সোনকালে এখন পকী দলং নিৰ্মাণ কৰিবলৈ অনুৰোধ জনায় স্থানীয় ৰাইজে।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু