

গুৱাহাটী, ১২ আগষ্ট (হি.স.)। সোণাপুৰৰ চামতাত ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে এগৰাকী মহিলা।
অৰুণাচলৰ পৰা শ্বিলং অভিমুখী এখন বেলেনো বাহনক এখন কণ্টেইনাৰ ট্ৰাকে প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয়।
ঘটনাৰ বিৱৰণি অনুসৰি অৰুণাচলৰ পৰা শ্বিলং অভিমুখে গৈ থকা এ এছ ০৩ এ জি ০৪১৭ নম্বৰৰ মাৰুতি ছুজুকী বেলেনো বাহনখনক একে দিশে গৈ থকা আৰ জে ০৭ জি ই ০৬৭১ নম্বৰৰ এখন কণ্টেইনাৰ ট্ৰাকে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে।
কণ্টেইনাৰ ট্ৰাকখনৰ তীব্ৰ খুন্দাৰ ফলত বেলেনো বাহনখন পথৰ ওপৰত উফৰি গৈ ডিভাইডাৰৰ মাজত থকা কংক্ৰিটৰ ৰেলিঙত খুন্দা মাৰে। ফলত বাহনখন ভয়ংকৰভাৱে ক্ষতিগ্ৰস্ত হয়।
দুৰ্ঘটনাৰ সময়ত বেলেনো বাহনখনত চাৰিগৰাকী যাত্ৰী আছিল। ইয়াৰে এগৰাকী ৮০ উৰ্ধৰ মহিলা গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় ৰাইজে তৎপৰতাৰে উদ্ধাৰ অভিযান চলাই বাহনখনত আবদ্ধ যাত্ৰীসকলক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।
দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি চামতা অঞ্চলত কিছু সময়ৰ বাবে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।
হিন্দুস্থান সমাচাৰ / Narayan Kar