
বৰপেটা, ১২ আগষ্ট (হি.স.)। বৰপেটাৰোডত কোটিপতি ধূপ ব্যৱসায়ীৰ কু-কীৰ্তি পোহৰলৈ নকল 'কিলাৰ' ব্ৰেণ্ডৰ ধূপ জব্দ, ১৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ধূপৰ ব্যৱসায়েৰে কোটিপতি হোৱা বৰপেটাৰোডৰ আশিস বৰ্মন নামৰ এজন ধূপ ব্যৱসায়ীৰ জালিয়তি আৰু অবৈধ কাৰবাৰ পোহৰলৈ আহিছে।
দীৰ্ঘদিন ধৰি প্ৰখ্যাত 'কিলাৰ' কোম্পানীৰ ল'গ' আৰু হুবহু নকল পেকেটিং ব্যৱহাৰ কৰি তেওঁ বজাৰত অবৈধ ব্যৱসায় চলাই আহিছিল।
প্ৰাপ্ত তথ্য অনুসৰি, মূল কোম্পানীটোৰ অজ্ঞাতে বৰপেটাৰোডৰ চতুৰ ব্যৱসায়ী আশিস বৰ্মনে 'কিলাৰ' ব্ৰেণ্ডৰ ধূপৰ হুবহু নকল পেকেট তৈয়াৰ কৰিছিল। এই নকল পেকেটসমূহ বজাৰত এৰি দি তেওঁ দীৰ্ঘদিন ধৰি গ্ৰাহকসকলক ঠগাই অবৈধভাৱে লাখ লাখ টকা উপাৰ্জন কৰি আহিছিল। কেৱল 'কিলাৰ' ব্ৰেণ্ডেই নহয়, তেওঁ আন কেইবাটাও জনপ্ৰিয় ধূপৰ নকল প্ৰস্তুত কৰিও এই অবৈধ বানিজ্য চলাইছিল বুলি জানিব পৰা গৈছে।
মূল কোম্পানীৰ প্ৰকৃত গৰাকীয়ে সমগ্ৰ ঘটনা সন্দৰ্পত বৰপেটাৰোড থানাত এখন এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত তৎপৰ হৈ পৰে বৰপেটাৰোড আৰক্ষী।
আৰক্ষীয়ে চলোৱা এক বিশেষ তদন্তত আশিস বৰ্মনৰ দোকান আৰু গুদামৰ পৰা প্ৰায় ১৫ লাখ টকাৰ নকল ধূপৰ পেকেট, আৰু
নকল সামগ্ৰী প্ৰস্তুত কৰাত ব্যৱহৃত বিভিন্ন যন্ত্ৰ-পাতি উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
সামগ্ৰী আৰু মেচিন উদ্ধাৰ হ’লেও আৰক্ষীয়ে বৰ্তমানলৈকে মূল অভিযুক্ত আশিস বৰ্মনক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই। বৰপেটাৰোড আৰক্ষীয়ে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিবলৈ বৰ্তমানেও অভিযান অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা