
কোকৰাঝাৰ, ১২ আগষ্ট (হি.স.): কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা শুকানঝোৰা আৰু টিপকাই সংযোগী টিপকাই নৈৰ ওপৰত থকা একমাত্ৰ দলংখন দীৰ্ঘদিন ধৰি ভঙা অৱস্থাত থকাত স্থানীয় জনজীৱন সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে । দলংখন জহি-খহি জৰাজীৰ্ণ হৈ পৰাৰ ফলত দৈনিক যাতায়াতৰ ক্ষেত্ৰত ৰাইজে চৰম বিপদৰ সন্মুখীন হ’বলগীয়া হৈছে।
স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী আৰু জৰুৰীকালীন ৰোগীক চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰত স্থানীয় ৰাইজে যমৰ যাতনা ভুগিবলগীয়া হৈছে । বিভিন্ন সময়ত এই ভঙা দলঙেৰে পাৰ হ’বলৈ লওঁতে বহু পথচাৰীৰ লগতে গৰু-ছাগলী নৈৰ পানীত পৰি দুৰ্ঘটনাত পতিত হোৱাৰ বহু উদাহৰণ আছে । অঞ্চলটোৰ জনসাধাৰণৰ যাতায়াত ব্যৱস্থা সুচল কৰাৰ স্বাৰ্থত বিটিচি চৰকাৰ আৰু জিলা প্ৰশাসনক অতি সোনকালে এখন পকী দলং নিৰ্মাণ কৰিবলৈ অনুৰোধ জনায় স্থানীয় ৰাইজে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ