সমাগত স্বাধীনতা দিৱস উদযাপন কৰিবলৈ ব্যাপক প্ৰস্তুতি পাঠশালা পৌৰসভাৰ
বজালী,১২ আগষ্ট (হি.স.)। সমাগত স্বাধীনতা দিৱস উদযাপন কৰিবলৈ ব্যাপক প্ৰস্তুতি পাঠশালা পৌৰসভাৰ | প্ৰতিবছৰে ব্যতিক্ৰমী চিন্তা ধাৰাৰে বিভিন্ন আকৰ্ষনীয় কাম কৰি আহিছে পাঠশালা পৌৰসভাই | পাঠশালাৰ বিষন্নালা জানৰ ওপৰত থকা দলংখন আতকধুনীয়াকৈ সজাব সাজু হোৱাৰ ল
সমাগত স্বাধীনতা দিৱস উদযাপন কৰিবলৈ ব্যাপক প্ৰস্তুতি পাঠশালা পৌৰসভাৰ


বজালী,১২ আগষ্ট (হি.স.)। সমাগত স্বাধীনতা দিৱস উদযাপন কৰিবলৈ ব্যাপক প্ৰস্তুতি পাঠশালা পৌৰসভাৰ |

প্ৰতিবছৰে ব্যতিক্ৰমী চিন্তা ধাৰাৰে বিভিন্ন আকৰ্ষনীয় কাম কৰি আহিছে পাঠশালা পৌৰসভাই |

পাঠশালাৰ বিষন্নালা জানৰ ওপৰত থকা দলংখন আতকধুনীয়াকৈ সজাব সাজু হোৱাৰ লগতে গান্ধী মূৰ্তিটো পুনৰনিৰ্মাণ কৰি থকা হৈছে |

পাঠশালা পৌৰসভাৰ এনেবোৰ কামে ৰাইজক যথেষ্ট আকৰ্ষিত কৰি তোলা দেখিবলৈ পোৱা গৈছে |

ইয়াৰ লগতে উক্ত দিনটোত সন্ধিয়া এক সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে |

পাঠশালা পৌৰসভাৰ স্বাধীনতা দিৱসৰ দিনে নিশাই অনুষ্ঠিত কৰিবলগা অনুষ্ঠানসমুহত সকলোৰে অংশগ্ৰহণ বিচাৰছে |

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande