ঠেলাছেমীয়া ৰোগত আক্ৰান্ত ৰঙিয়াৰ এটি দেৱশিশু
কামৰূপ, ১২ আগষ্ট (হি.স.)। ঠেলাছেমীয়া ৰোগত আক্ৰান্ত ৰঙিয়াৰ এটি দেৱশিশু। পখিলা খেদা বয়সত বিগত চাৰি বছৰ ধৰি এই ৰোগত আক্ৰান্ত হৈ আছে দূৰ্ভগীয়া শিশুটিয়ে। ৰঙিয়া উদীয়ানা গাঁৱৰ দিন হাজিৰা কৰি খোৱা ইকৰাম আলীয়ে নিজৰ পুত্ৰৰ চিকিৎসাৰ নামত সৰ্বোচ্চ হে
ঠেলাছেমীয়া ৰোগত আক্ৰান্ত ৰঙিয়াৰ এটি দেৱশিশু


কামৰূপ, ১২ আগষ্ট (হি.স.)। ঠেলাছেমীয়া ৰোগত আক্ৰান্ত ৰঙিয়াৰ এটি দেৱশিশু। পখিলা খেদা বয়সত বিগত চাৰি বছৰ ধৰি এই ৰোগত আক্ৰান্ত হৈ আছে দূৰ্ভগীয়া শিশুটিয়ে। ৰঙিয়া উদীয়ানা গাঁৱৰ দিন হাজিৰা কৰি খোৱা ইকৰাম আলীয়ে নিজৰ পুত্ৰৰ চিকিৎসাৰ নামত সৰ্বোচ্চ হেৰুৱাই ইতিমধ্যেই হৈ পৰিছে আৰ্থিক ভাৱে জুৰুলা।

নতুনকৈ আৰু পুত্ৰৰ দেহত ব্ৰণ মেৰু সংস্থাপন কৰাৰ বাবে প্ৰয়োজন বহু খিনি ধনৰ। গতিকে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে স্থানীয় বিধায়ক গৰাকীৰ পৰা কিছু আৰ্থিক ভাৱে সাহাৰ্য্য বিচাৰিছে দুৰ্ভগীয়া পিতৃয়ে। আনহাতে কোনো হ্ৰদয় বান ব্যাক্তিয়ে যদি এই দূৰ্ভগীয়া শিশুটিক আৰ্থিক ভাৱে সহায় কৰিব বিচাৰে তেন্তে পিতৃৰ একাউণ্ট নম্বৰত অৰ্থিক ভাৱে সহায় আগবঢ়াব পাৰে। Union Bank of India ৰঙিয়া শাখা Account Holder Ekram Hussain 389802010080093 IFSC code Ubin 0538981নতুবা যোগাযোগ কৰিব পাৰে 9365327159নম্বৰত।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande