
কাৰ্বি আংলং, ১২ আগষ্ট (হি.স.)। শ্ৰীলংকাৰ ৰাজধানী কলম্বোত অনুষ্টিত
এচবিকেএফ ৰ ২০২৬বৰ্ষ বেটমিন্টন চূড়ান্ত প্ৰতিযোগিতা কাৰ্বি আংলংঙৰ কাছে টেৰণপীৰ নেতৃত্বত দুটা সোণৰ পদক অৰ্জন৷
অসমৰ পাহাৰীয়া জিলাৰ কাৰ্বি আংলংঙৰ ডিফু কাছে টেৰনপীৰ নেতৃত্বত যোৱা বেটমিন্টন দলে আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বেটমিনটন খেলত দুইটা সোণৰ পদক জয় লাভ কৰি কাৰ্বি আংলংঙলৈ গৌৰৱ কঢ়িয়াই আনিছে কাছে টেৰণ পীয়ে তথা ড° তুলিৰাম ৰংহাং ঙৰ সপত্নীৰ দলে৷ খবৰ অনুসৰি সুদক্ষ দলটিয়ে ৰাট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বিভিন্ন শাখাত বেটমিনটন খেলত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল৷ কাৰ্বি আংলং লগতে অসম তথা উঃপুৰ্বাঞ্চালৰ যুবক-যুৱতি সকলক খেলৰ প্ৰতি প্ৰেৰণা দায়ক স্ষ্টি আশা কৰিব পাৰি৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা