শিক্ষকৰ অভাৱৰ বাবে পাঠদানৰ পৰা বঞ্চিত বৰপেটাৰ এখন চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
শিক্ষকৰ অভাৱৰ বাবে পাঠদানৰপৰা বঞ্চিত হৈছে বৰপেটাৰ এখন চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ।
শিক্ষকৰ অভাৱৰ বাবে পাঠদানৰ পৰা বঞ্চিত বৰপেটাৰ এখন চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী


বৰপেটা, ১২ আগষ্ট (হি.স.): শিক্ষকৰ অভাৱৰ বাবে পাঠদানৰ পৰা বঞ্চিত হৈছে বৰপেটাৰ এখন চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী । জিলাখনৰ মন্দিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত পশ্চিম মাজৰচৰ খাটিয়ামাৰী মধ্য ইংৰাজী বিদ্যালয়ত দুশ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে নিযুক্ত হৈ আছে মাত্ৰ দুজন শিক্ষক ।

এই দুজন শিক্ষকেই বিদ্যালয়খনৰ ৮ টাকৈ শ্ৰেণীত পাঠদান কৰিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। চৰকাৰী বিদ্যালয়খনত পৰ্যাপ্ত শিক্ষক নথকাৰ বাবেই ইতিমধ্যে প্ৰায় ১০০ গৰাকী ছাত্ৰ-ছাত্ৰী অইন বিদ্যালয়লৈ গৈছে। চৰকাৰী বিদ্যালয়খনৰ এনে দুৰৱস্থাই শিক্ষা বিভাগৰ ভয়ানক ছবি উদঙাই দিছে। সেয়ে ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়খনত প্ৰয়োজনীয় শিক্ষক নিযুক্তি দিয়াৰ বাবে হাতজোৰ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক কাতৰ অনুৰোধ জনাইছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande