
হোজাই, ১২ আগষ্ট (হি.স.)। সমাগত ১৫ আগষ্ট স্বাধীনতা দিৱস । হোজাই জিলাতো জিলা প্ৰশাসনৰ উদ্যোগত হোজাই জিলাৰ সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰৰ কাছাৰী ময়দানত বৰ্ণাধ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব দেশৰ স্বাধীনতা দিৱস ।
আগন্তুক স্বাধীনতা দিৱস শান্তিপূৰ্ণভাৱে উদযাপন কৰিবলৈ হোজাই জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা জিলাখনত সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে হোজাই জিলাৰ নৱ নিয়ুক্তি আৰক্ষী অধীক্ষক নিৰূপম হাজৰিকাই । লগতে ৰাইজক শান্তিপূৰ্ণ ভাবে স্বাধীনতা দিৱস পালন কৰিবলৈ আহ্বান জনায় জিলাখনৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা