
বৰপেটা, ১২ আগষ্ট (হি.স.)। কলগাছিয়াত অভাৱনীয় হাৰত শাক পাঁচলিৰ মূল্য বৃদ্ধি হোৱাত বিপদত পৰিছে সাধাৰণ গ্ৰাহক ৰাইজে। বজাৰ সমূহত ইতিমধ্যে বৃহত্তৰ অঞ্চলৰ কৃষক সকলে নিজৰ উৎপাদিত শাক পাঁচলি বজাৰত নমাইছে যদিও তেওঁলোকে উচিত মূল্য পাবলৈ সক্ষম হোৱা নাই। ইয়াৰ বিপৰীতে উজনি অসমত হোৱা প্ৰলয়ংকাৰী বানপানীৰ ফলত মুনাফা লুটিছে মধ্যভোগী ব্যৱসায়ী সকলে।
কৃষকৰ শাক পাঁচলি মধ্যভোগীয়ে কম মূল্যত ক্ৰয় কৰি অত্যাধিক চৰা দামত বিক্ৰী কৰাৰ ফলত মাধমাৰ খাব লগা হৈছে সাধাৰণ গ্ৰাহকে। সেয়ে পাচলি বজাৰত আহি দিশহাৰা হৈ পৰিছে ৰাইজে। সেয়ে চৰকাৰৰ যোগান বিভাগক বজাৰ নিয়ন্ত্ৰণ কৰিবলৈ দাবী জনাইছে ৰাইজে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা