
ধেমাজি, ১২ আগষ্ট (হি.স.)। গোগামুখৰ মিংমাং বদতিত অৰুণাচলীৰ গুলীচালনাৰ ঘটনাৰ প্ৰতিবাদত ধেমাজিত সদৌ অসম ছাত্ৰ সন্হাৰ বিক্ষোভ কাৰ্য্যসূচী৷ জিলা আয়ুক্ত কায্যালয়ৰ প্ৰৱেশদ্বাৰ ভাঙি আয়ুক্ত কায্যালয়ৰ চৌহদত বিক্ষোভ প্ৰদৰ্শন ছাত্ৰ সন্হাৰ৷
অসম-অৰুণাচলৰ সীমা সমস্যা অতি শ্ৰীঘ্ৰেই সমাধান কৰা আৰু মিংমাং বদতিত সংঘটিত গুলীচালনাৰ ঘটনাৰে জড়িত সকলক তাৎক্ষণিক ভাৱে গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি প্ৰদানৰ দাবীত এই বিক্ষোভ কায্যসূচী ৰূপায়ণ কৰে আছুৰ ধেমাজি জিলা সমিতিয়ে৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা