
নতুন দিল্লী, ১২ আগষ্ট (হি.স.)। চলচ্চিত্ৰ অভিনেত্ৰী খুশী কাপুৰৰ বিৰুদ্ধে আপত্তিজনক অনলাইন কন্টেন্ট আঁতৰোৱাৰ নিৰ্দেশ দিব দিল্লী উচ্চ ন্যায়ালয়ে। ইয়াৰ বাবে আদালতে ইউআৰএল ৰ তালিকা এখন বিচাৰিছে। আজি খুশী কাপুৰৰ আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ জ্যোতি সিঙৰ বিচাৰপীঠে এই নিৰ্দেশ জাৰি কৰে।
শুনানিৰ সময়ত খুশী কাপুৰৰ অধিবক্তা অসৱ ৰাজনে উল্লেখ কৰে যে আবেদনকাৰী এগৰাকী হিন্দী চলচ্চিত্ৰ অভিনেত্ৰী আৰু ফেশ্বন আইকন। আদালতে আবেদনকাৰীক প্ৰতিবাদী অনুসৰি ইউ আৰ এলৰ তালিকা দিবলৈ কয়। ইয়াৰ পিছত ৰাজনে এই তালিকা আদালতক প্ৰদান কৰে। ইফালে মেটাৰ অধিবক্তাই উল্লেখ কৰে যে এই তালিকাত কেইবাটাও ফেন পেজ অন্তৰ্ভুক্ত কৰা হৈছে আৰু সেইবোৰ ভুৱা একাউণ্ট নহয়।
ইয়াৰ পূৰ্বে উচ্চ ন্যায়ালয়ে কেইবাজনো সুপৰিচিত ব্যক্তিৰ ব্যক্তিত্বৰ অধিকাৰ সুৰক্ষিত কৰাৰ নিৰ্দেশ দিছিল। ইয়াৰ ভিতৰত অভিনেত্ৰী জাহ্নৱী কাপুৰ আৰু টাবু, ক্ৰিকেটাৰ যুৱৰাজ সিং, অভিষেক শৰ্মা, চলচ্চিত্ৰ অভিনেতা তথা সাংসদ ৰবি কিষাণ, কংগ্ৰেছ নেতা শশী থাৰু, অভিনেতা অৰ্জুন কাপুৰ, তেলেগু অভিনেতা আল্লু অৰ্জুন, গল্পকাৰ অনিৰুদ্ধাচাৰ্য, মালয়ালম অভিনেতা মোহনলাল, ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক তথা প্ৰাক্তন সাংসদ গৌতম গম্ভীৰ, পতঞ্জলিৰ আচাৰ্য বলকৃষ্ণ আয়ুৰ্বেদ, চলচ্চিত্ৰ অভিনেত্ৰী সোনাক্ষী সিনহা, বাবা ৰামদেৱ, চলচ্চিত্ৰ অভিনেত্ৰী কাজোল, চলচ্চিত্ৰ অভিনেতা বিবেক ওবেৰয়, অন্ধ্ৰপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণ, প্ৰাক্তন ক্ৰিকেটাৰ সুনীল গাভাস্কাৰ, চলচ্চিত্ৰ অভিনেতা ছলমান খান, অভিনেতা অজয় দেৱগন, অভিনেত্ৰী তথা সাংসদ জয়া বচ্চন, সাংবাদিক সুধিৰ চৌধাৰী, আৰ্ট অৱ লিভিং ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক শ্ৰী শ্ৰী ৰবি শংকৰ, তেলেগু অভিনেতা নাগাৰ্জুন, অভিনেত্ৰী ঐশ্বৰ্য ৰায়, অভিষেক বচ্চন, আৰু চলচ্চিত্ৰ প্ৰযোজক কৰণ জোহৰ।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ