
নতুন দিল্লী, ১২ আগষ্ট (হি.স.)। ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন আৰু বিজেপিৰ ৰাজ্যিক সভাপতি হৰ্ষ মালহোত্ৰাৰ উপস্থিতিত মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ নেতৃত্বত বুধবাৰে ইণ্ডিয়া গেটৰ পৰা কৰ্তব্য পথলৈ ত্ৰিৰংগা যাত্ৰাৰ আয়োজন কৰা হয়।
দিল্লী চৰকাৰে আয়োজন কৰা এই অনুষ্ঠানটো দেশজোৰা প্ৰতি ঘৰ ত্ৰিৰংগা অভিযানৰ অংশ আছিল। এই বিশেষ অনুষ্ঠানত সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে ত্ৰিৰংগটো হাতত লৈ ৰাষ্ট্ৰৰ প্ৰতি থকা গৌৰৱ আৰু শ্ৰদ্ধা প্ৰকাশ কৰে। ইণ্ডিয়া গেটৰ পৰা আৰম্ভ হোৱা ত্ৰিৰংগা যাত্ৰা ৰফি মাৰ্গ, কৰ্তব্য পথৰ মাজেৰে আগবাঢ়িছিল। দিল্লী চৰকাৰৰ মন্ত্ৰী প্ৰবেশ চাহাব সিং, আশীষ সুদ, চৰ্দাৰ মঞ্জিন্দৰ সিং ছিৰছা, আৰু ৰবিন্দৰ ইন্দৰ সিঙৰ লগতে বহু সংখ্যক যুৱক-যুৱতী আৰু নাগৰিকও উপস্থিত থাকে।
এন চি চিৰ কেডেট আৰু এন এছ এছৰ স্বেচ্ছাসেৱকৰ লগতে বৃহৎ সংখ্যক বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ তিৰঙা যাত্ৰাত এক বিশেষ আকৰ্ষণ আছিল। জাতীয় পতাকা হাতত লৈ যুৱক-যুৱতীসকলে উৎসাহেৰে অংশগ্ৰহণ কৰে। এই অংশগ্ৰহণে যেন স্বাধীনতা সংগ্ৰামৰ ত্যাগ আৰু জাতি নিৰ্মাণত যুৱক-যুৱতীসকলৰ সক্ৰিয় ভূমিকাৰ প্ৰতি সন্মানৰ বাৰ্তা প্ৰেৰণ কৰিছিল।
এই উপলক্ষে নীতিন নবীনে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানৰ পিছত, প্ৰতি ঘৰ ত্ৰিৰংগা আজি জনসাধাৰণৰ অংশগ্ৰহণৰ এক শক্তিশালী অভিযানত পৰিণত হৈছে। ত্ৰিৰংগৰ প্ৰতি সন্মান আৰু জাতীয় গৌৰৱবোধৰ বাবে দেশৰ প্ৰতিটো শ্ৰেণীয়ে উৎসাহেৰে এই অভিযানত যোগদান কৰিছে। তেওঁ দেশবাসীক এই স্বাধীনতা দিৱসত প্ৰতি ঘৰ ত্ৰিৰংগা অভিযানত যোগদান কৰি তেওঁলোকৰ অমৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনাই, জাতিৰ ঐক্য আৰু অখণ্ডতাক অধিক শক্তিশালী কৰাৰ সংকল্পৰে আগবাঢ়ি যাবলৈ আহ্বান জনায়।
মুখ্যমন্ত্রীয়ে কয় যে ১৫ আগষ্ট কেৱল স্বাধীনতাৰ উদযাপন নহয়, ভাৰতৰ গৌৰৱময় যাত্ৰা আৰু সাফল্যক স্মৰণ কৰাৰ এক অনুষ্ঠান। স্বাধীনতাৰ পিছৰে পৰা ভাৰতে অসংখ্য প্ৰত্যাহ্বান অতিক্ৰম কৰি উন্নয়ন, বিজ্ঞান, প্ৰযুক্তি, অৰ্থনীতি, শিক্ষা, আন্তঃগাঁথনিকে ধৰি বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। এই যাত্ৰাত লাখ লাখ নাগৰিকৰ কঠোৰ পৰিশ্ৰম, দৃঢ়তা, সামূহিক অৱদানৰ কাহিনী। প্ৰতিটো জাতিৰ যাত্ৰাত প্ৰত্যাহ্বান আৰু উন্নতিৰ স্থান সদায় থাকে, কিন্তু স্বাধীনতা দিৱসে আমি ক’ৰ পৰা আৰম্ভ কৰিলোঁ আৰু আজি ক’ত উপনীত হ’লোঁ সেই বিষয়ে চিন্তা কৰাৰ সুযোগ প্ৰদান কৰে। ভাৰতৰ সাফল্যক লৈ গৌৰৱ কৰি আমি আগন্তুক বছৰবোৰৰ বাবে অধিক সংকল্প ল’ব লাগিব।
এই স্বাধীনতা দিৱসত যাতে প্ৰতিটো ঘৰতে ত্ৰিৰংগা উৰোৱা হয়, আৰু প্ৰতিজন নাগৰিকৰ হৃদয়ত দেশপ্ৰেমৰ মনোভাৱ প্ৰতিফলিত হয়, তাৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীৰ ৰাইজক মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা হৰ ঘৰ ত্ৰিৰংগা অভিযানত নাগৰিকে যোগদান কৰিবলৈ আহ্বান জনায়, তেওঁলোকৰ ছাদত ত্ৰিৰংগ উত্তোলন কৰি ত্ৰিৰংগৰ সৈতে চেলফি তুলি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিব লাগে। এয়া কেৱল অভিযান নহয়, জাতিটোৰ প্ৰতি সন্মান, গৌৰৱ, ঐক্যৰ সামূহিক প্ৰকাশ। প্ৰতিজন নাগৰিকে যেতিয়া নিজৰ ঘৰত ত্ৰিৰংগ উত্তোলন কৰিব, সেই দৃশ্যই সমগ্ৰ জাতি আৰু বিশ্বৰ মাজত ভাৰতৰ ঐক্য, অখণ্ডতা, আৰু জাতীয় গৌৰৱৰ বাৰ্তা প্ৰেৰণ কৰিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া