
গুৱাহাটী, ১২ আগষ্ট (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আশে-পাশে থকা ইক’-চেন্সিটিভ জ’ন (ই এছ জেড) সন্দৰ্ভত ৰাজ্য চৰকাৰৰ স্থিতি স্পষ্ট কৰি কয় যে চৰকাৰে আনুষ্ঠানিক অধিসূচনা জাৰি নকৰালৈকে বৰ্তমানৰ ১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ব্যৱস্থা প্ৰযোজ্য হৈ থাকিব।
আজি ইয়াত এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে উচ্চতম ন্যায়ালয়ৰ এক কিলোমিটাৰ ই এছ জেড নিৰ্দেশনাৰ অৰ্থ এইটো নহয় যে বৰ্তমানৰ ১০ কিলোমিটাৰৰ ব্যৱস্থা তৎক্ষণাত বিলুপ্ত বা হ্ৰাস কৰা হৈছে। তেওঁ উল্লেখ কৰে যে ই এছ জেডত উল্লেখ কৰা দূৰত্ব ৰাজ্য চৰকাৰে ই এছ জেডৰ অধিসূচনা জাৰি কৰাৰ পিছত কাৰ্যকৰী হ’ব। ড০ শৰ্মাই উল্লেখ কৰে যে কাজিৰঙাৰ আশে-পাশে ১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ই এছ জেড বজাই ৰাখিলে কলিয়াবৰ, ডবকা, জখলাবন্ধা, বোকাখাতৰ দৰে জনবসতিপূৰ্ণ অঞ্চলত প্ৰভাৱ পৰিব পাৰে, যাৰ ফলত বৃহৎ সংখ্যক লোকৰ অসুবিধাৰ সৃষ্টি হ’ব পাৰে।
অসম্পূৰ্ণ তথ্যৰ ভিত্তিত সিদ্ধান্ত লোৱা উচিত নহয় বুলি জোৰ দি তেওঁ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক সম্পূৰ্ণৰূপে পঢ়ি বুজিবলৈ আহ্বান জনায়। ই এছ জেডৰ অধিসূচনাৰ প্ৰক্ৰিয়াৰ বিষয়ে ব্যাখ্যা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বন বিভাগে এটা প্ৰস্তাৱ প্ৰস্তুত কৰিব, যিটো ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিব। ইয়াৰ পিছত কেন্দ্ৰীয় চৰকাৰে এই প্ৰস্তাৱ ৰাষ্ট্ৰীয় বন্যপ্ৰাণী ব’ৰ্ডলৈ প্ৰেৰণ কৰিব।
ড০ শৰ্মাই উল্লেখ কৰে যে ই এছ জেড সাধাৰণতে এক কিলোমিটাৰত সীমাবদ্ধ যদিও পৰিস্থিতি অনুসৰি এই সীমা তিনি কিলোমিটাৰলৈ বৃদ্ধি কৰিব পাৰি। দিপাৰ বিলৰ আশে-পাশে সদ্য অধিসূচনা কৰা ই এছ জেডৰ উদ্ধৃতি দি তেওঁ কয় যে তাত পৰিৱেশ সংবেদনশীল জ’নৰ সীমা এক কিলোমিটাৰ নিৰ্ধাৰণ কৰা হৈছে। গতিকে সকলোতে ১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ই এছ জেড বাধ্যতামূলক নহয়।
মুখ্যমন্ত্ৰীয়ে পুনৰ কয় যে ৰাজ্য চৰকাৰে ই এছ জেডৰ আনুষ্ঠানিক অধিসূচনা জাৰি নকৰালৈকে কাজিৰঙাৰ আশে-পাশে থকা ১০ কিলোমিটাৰ ই এছ জেড ব্যৱস্থা প্ৰযোজ্য হৈ থাকিব। অধিসূচনা জাৰি কৰাৰ পিছত নিৰ্দিষ্ট দূৰত্ব কাৰ্যকৰী হ’ব।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ