বিলাসীপাৰাত প্ৰধানমন্ত্ৰীৰ হৰ ঘৰ নল হৰ ঘৰ জল শীৰ্ষক সপোনৰ আঁচনিৰ পৰা বঞ্চিত জনতা
ধুবুৰী, ১২ আগষ্ট (হি.স.)। ধুবুৰী জিলাৰ বিলাসীপাৰাত প্ৰধান মন্ত্ৰীৰ হৰ ঘৰ নল হৰ ঘৰ জল শীৰ্ষক সপোনৰ আঁচনি খন ভেকো ভাওঁনাত পৰিণত হোৱাৰ অভিযোগ উঠিছে | ৰাজকোষৰ শ শ কোটি টকা ব্যয় কৰি অকল বিলাসীপাৰা জনস্বাস্থ্য কাৰিকৰী উপ সংমণ্ডলৰ অধীনত বিভিন্ন প্ৰান্তত ন
বিলাসীপাৰাত প্ৰধানমন্ত্ৰীৰ হৰ ঘৰ নল হৰ ঘৰ জল শীৰ্ষক সপোনৰ আঁচনিৰ পৰা বঞ্চিত জনতা


ধুবুৰী, ১২ আগষ্ট (হি.স.)। ধুবুৰী জিলাৰ বিলাসীপাৰাত প্ৰধান মন্ত্ৰীৰ হৰ ঘৰ নল হৰ ঘৰ জল শীৰ্ষক সপোনৰ আঁচনি খন ভেকো ভাওঁনাত পৰিণত হোৱাৰ অভিযোগ উঠিছে | ৰাজকোষৰ শ শ কোটি টকা ব্যয় কৰি অকল বিলাসীপাৰা জনস্বাস্থ্য কাৰিকৰী উপ সংমণ্ডলৰ অধীনত বিভিন্ন প্ৰান্তত নিৰ্মাণ কৰা হৈছে প্ৰায় তিনি শ খন আঁচনি | কিন্তু অতি সম্প্ৰতি অধিকাংশ আঁচনিৰ পৰা ৰাইজে পোৱা নাই বিশুদ্ধ খোৱা পানী |

এক প্ৰকাৰ কাগজে কলমে চলি আহিছে প্ৰধানমন্ত্ৰীৰ সপোৰ আঁচনি খন |

এইখন বিলাসীপাৰাৰ বাঙালীপাৰা ১ম খণ্ড বিশুদ্ধ খোৱা পানী যোগান আঁচনি |

বিগত এবছৰে প্ৰায় এক কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা এই আঁচনি খনৰ পৰা ৰাইজে এটোপাল বিশুদ্ধ খোৱা পানী যোগান পোৱা নাই ।

কিয়নো কামৰ দায়িত্বত থকা ঠিকাদাৰ জনে অতি নিম্ন মানৰ নিৰ্মাণ কাৰ্য কৰাৰ বাবে মুকলিৰ পূৰ্বে আঁচনি খনৰ পানী টেংকী এটা ওপৰৰ পৰা খহি মাটিত পৰি চূৰ্ণ বিচূৰ্ণ হৈছে । ইয়াৰ পিছতো আঁচনি খনৰ খবৰ লবলৈ আহৰি পোৱা নাই সংশ্লিষ্ট কৰ্তৃপক্ষই ।

ফলত অঞ্চলটোৰ ৰাইজে বঞ্চিত হ'বলগীয়া হৈছে বিশুদ্ধ খোৱা পানীৰ পৰা ।

আঁচনি খনৰ বাবে এগৰাকী জল মিত্ৰ নিযুক্তি দিছে যদিও ঘৰত বহি বহিয়েই চৰকাৰী মাননি উদৰস্থ কৰি আহিছে বুলি জানিব পৰা গৈছে ।

সেয়ে স্থানীয় ৰাইজৰ দাবী অতি শীঘ্ৰে আঁচনি খন কাৰ্যক্ষম কৰি তুলি ৰাইজৰ মাজত বিশুদ্ধ খোৱা পানী যোগান ধৰিব লাগে । এই ক্ষেত্ৰত চৰকাৰ তথা সংশ্লিষ্ট বিভাগটোই কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষনীয় হৈ পৰিব |

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande