৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বৰমাত উলিওৱা হয় এক বিশাল ত্ৰিৰংগা যাত্ৰা
বাক্সা, ১২ আগষ্ট (হি.স.)। ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বৰমাত উলিওৱা হয় এক বিশাল ত্ৰিৰংগা যাত্ৰা। বৰমা থানা পৰ্যায়ৰ নাগৰিক সমিতিৰ উদ্যোগত আয়োজিত এই যাত্ৰাত বৰমা পৌৰসভা, গাঁওৰক্ষা বাহিনী, প্ৰাক্তন আলফা সদস্যৰ লগতে বৰমাবাসী ৰাইজে সহযোগিতা আগবঢ়
৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বৰমাত উলিওৱা হয় এক বিশাল ত্ৰিৰংগা যাত্ৰা


বাক্সা, ১২ আগষ্ট (হি.স.)। ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বৰমাত উলিওৱা হয় এক বিশাল ত্ৰিৰংগা যাত্ৰা। বৰমা থানা পৰ্যায়ৰ নাগৰিক সমিতিৰ উদ্যোগত আয়োজিত এই যাত্ৰাত বৰমা পৌৰসভা, গাঁওৰক্ষা বাহিনী, প্ৰাক্তন আলফা সদস্যৰ লগতে বৰমাবাসী ৰাইজে সহযোগিতা আগবঢ়ায়।

দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰাকক্ষণত দেশপ্ৰেমৰ বাণীৰে মুখৰিত হৈ পৰে বৰমা।

ত্ৰিৰংগা পতাকা লৈ উলিওৱা এই বিশাল যাত্ৰাত কেইবাখনো শিক্ষানুষ্ঠানৰ দুই সহস্ৰাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। শিক্ষাৰ্থীসকলৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী আৰু স্থানীয় ৰাইজেও উৎসাহেৰে অংশ লয়।

দেশপ্ৰেমমূলক শ্লোগানেৰে মুখৰিত হৈ পৰা যাত্ৰাই বৰমাৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰে। স্বাধীনতা দিৱসৰ প্ৰতি জনসাধাৰণৰ শ্ৰদ্ধা আৰু দেশপ্ৰেমৰ মনোভাৱ প্ৰকাশ কৰাৰ লগতে নৱপ্ৰজন্মৰ মাজত ৰাষ্ট্ৰীয় ঐক্য আৰু দেশপ্ৰেমৰ চেতনা জগাই তোলাই আছিল এই ত্ৰিৰংগা যাত্ৰাৰ অন্যতম উদ্দেশ্য।

বিপুল সংখ্যক লোকৰ অংশগ্ৰহণেৰে অনুষ্ঠিত এই ত্ৰিৰংগা যাত্ৰাই বৰমাত স্বাধীনতা দিৱস উদযাপনৰ পৰিৱেশ অধিক উৎসৱমুখৰ কৰি তোলে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande