বঙাইগাঁৱৰ নিত্য বজাৰ কায়েথপাৰাত বৃহৎ পৰিমাণৰ তামোলৰ পুলি চুৰি
বঙাইগাঁৱ, ১২ আগষ্ট (হি.স.)। বঙাইগাঁৱৰ নিত্য বজাৰ কায়েথপাৰাত বৃহৎ পৰিমাণৰ তামোলৰ পুলি চুৰি । বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকীৰ অন্তৰ্গত নিত্য বজাৰৰ কায়েথপাৰা প্ৰথম খণ্ডত সংঘটিত হৈছে চুৰিকাণ্ড। কায়েথপাৰা প্ৰথম খণ্ডৰ নিবাসী আজগৰ আলীৰ নাৰ্চাৰীৰ
বঙাইগাঁৱৰ নিত্য বজাৰ কায়েথপাৰাত বৃহৎ পৰিমাণৰ তামোলৰ পুলি চুৰি


বঙাইগাঁৱ, ১২ আগষ্ট (হি.স.)। বঙাইগাঁৱৰ নিত্য বজাৰ কায়েথপাৰাত বৃহৎ পৰিমাণৰ তামোলৰ পুলি চুৰি ।

বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকীৰ অন্তৰ্গত নিত্য বজাৰৰ কায়েথপাৰা প্ৰথম খণ্ডত সংঘটিত হৈছে চুৰিকাণ্ড।

কায়েথপাৰা প্ৰথম খণ্ডৰ নিবাসী আজগৰ আলীৰ নাৰ্চাৰীৰ পৰা যোৱা নিশা প্ৰায় ১৩,০০০টা তামোলৰ পুলিৰ মাজৰ পৰা প্ৰায় ১০,০০০টা তামোলৰ পুলি চোৰে লৈ যোৱাৰ অভিযোগ উত্থাপিত হৈছে।

আনহাতে, প্ৰায় ৩,০০০হাজাৰ তামোলৰ পুলি চোৰে নষ্ট কৰি থৈ যোৱা বুলি জানিব পৰা গৈছে।

ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। ইফালে, বইটামাৰী আৰক্ষী চকীৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত এটাৰ পিছত আনটো চুৰিকাণ্ড সংঘটিত হোৱাৰ অভিযোগ পোহৰলৈ অহাৰ সময়তে এই ঘটনাই আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাক লৈও প্ৰশ্ন উত্থাপন কৰিছে।

এতিয়া এই ঘটনাৰ সন্দৰ্ভত বইটামাৰী আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে আৰু চুৰিকাণ্ডত জড়িত লোকক আটক কৰিবলৈ সক্ষম হয় নে নহয়, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande