বৰপেটাৰোডত অবৈধ ফাৰ্মাছী চীল
বৰপেটা, ১২ আগষ্ট (হি.স.)। বৰপেটা জিলাত কাঠফুলাৰ দৰে গঢ়ি উঠা অবৈধ ফাৰ্মাছীৰ বিৰুদ্ধে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ বৃহৎ পদক্ষেপ | স্বাস্থ্য বিভাগৰ নিৰ্দেশত ১০খন জিলাৰ ঔষধ পৰিদৰ্শকক লৈ গঠন কৰা বিশেষ টীমে চলাইত অবৈধ ফাৰ্মাছীৰ বিৰুদ্ধে বিশেষ অভিযান | এই অভ
বৰপেটাৰোডত অবৈধ ফাৰ্মাছী চীল


বৰপেটা, ১২ আগষ্ট (হি.স.)। বৰপেটা জিলাত কাঠফুলাৰ দৰে গঢ়ি উঠা অবৈধ ফাৰ্মাছীৰ বিৰুদ্ধে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ বৃহৎ পদক্ষেপ |

স্বাস্থ্য বিভাগৰ নিৰ্দেশত ১০খন জিলাৰ ঔষধ পৰিদৰ্শকক লৈ গঠন কৰা বিশেষ টীমে চলাইত অবৈধ ফাৰ্মাছীৰ বিৰুদ্ধে বিশেষ অভিযান |

এই অভিযানৰ অংশ হিচাপে বৰপেটাৰোডত অবৈধ ফাৰ্মাছী চীল |

ইয়াকে লৈ বৰপেটাৰ ঔষধ ব্যৱসায়ীৰ মাজত সৃষ্টি হৈছে চাঞ্চল্য |

ৰাজ্যৰ স্বাস্থ্য বিভাগৰ নিৰ্দেশনাত বৰপেটা জিলাৰ ঔষধ পৰিদৰ্শক চন্দ্ৰজিৎ দহোটিয়াৰ নেতৃত্বত গোলাঘাট, গোৱালপাৰা, ধুবুৰী, ডিফু, তিনিচুকীয়া, নগাঁও, ডিব্ৰুগড় আদিকে ধৰি কেইবাখনো জিলাৰ ঔষধ পৰিদৰ্শকসকলক লৈ গঠন কৰিছে বৃহৎ ঔষধ পৰিদৰ্শকৰ দল |

এই দলটোৱে বৰপেটাৰোড চহৰৰ ফাৰ্মাছী সমুহত অভিযান চলাই প্ৰয়োজনীয় নথি নথকাৰ অভিযোগত সঞ্জীৱনী ড্ৰাগছ এণ্ড চাৰ্জিকেল নামৰ ফাৰ্মাচীখন

চীল কৰাৰ লগতে হোমিঅ'পেথি ঔষধৰ গুডাম এটাও চীল কৰিছে |

ইপিনে বাঘবৰৰ মন্দিয়া সত্ৰকণৰা আদিতো কেইবাখনো অবৈধ ফাৰ্মাচী ছীল কৰিছে টীমটোৱে ।

বৰপেটা জিলাৰ ঔষধ পৰিদৰ্শক ড° চন্দ্ৰজিৎ দহোটিয়াই জানিবলৈ দিয়া মতে বৰপেটা জিলাত তেওঁলোকৰ এই অভিযান অব্যাহত থাকিব |

বিশেষকৈ বৰপেটা জিলাত যি সমূহ ফাৰ্মাচীৰ বৈধ অনুজ্ঞাপত্ৰ নাই তথা ফাৰ্মাচীষ্ট অবিহনে যিসমূহ ফাৰ্মাচী চলি আছে সেই ফাৰ্মাচী সমূহৰ বিৰুদ্ধে প্ৰয়োজন সাপেক্ষে কঠোৰ ব্যৱস্থা গ্ৰহন কৰিব।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande