

বৰপেটা, ১২ আগষ্ট (হি.স.)। সমগ্ৰ দেশজুৰি এতিয়া 'ডিজিটেল এৰেষ্ট'ৰ নতুন সন্ত্ৰাস।
এই ভয়াৱহ চাইবাৰ অপৰাধৰ সৈতে জৰিত বৰপেটাৰোডৰ যুৱক |
গুজৰাট আৰক্ষীয়ে বৰপেটাৰোডত বিশেষ অভিযান চলাই গ্ৰেপ্তাৰ কৰিলে এজন যুৱকক ।
ধৃত যুৱকজন বৰপেটাৰোডৰ নিচুকা গাঁওৰ ৰফিকুল আলম |
ডিজিটেল এৰেষ্টৰ দৰে ভয়ংকৰ প্ৰৱঞ্চনাৰ সৈতে জড়িত থকাৰ অভিযোগত গুজৰাট আৰক্ষীয়ে ৰফিকুল আলমক গ্ৰেপ্তাৰ কৰে ।
প্ৰশ্ন হৈছে, ডিজিটেল এৰেষ্ট কি-
ডিজিটেল এৰেষ্ট হ'ল চাইবাৰ অপৰাধীৰ দ্বাৰা কৰা এক প্ৰকাৰৰ ভয়াৱহ প্ৰৱঞ্চনা | প্ৰৱঞ্চকে আৰক্ষী, চিবিআই বা ইডিৰ বিষয়াৰ ভাও জুৰি ভুক্তভোগীক ভিডিঅ' কল কৰে আৰু মিছা গোচৰত গ্ৰেপ্তাৰৰ ভয় দেখুৱাই ভুক্তভোগীৰ পৰা বেংক একাউণ্ট যোগে লক্ষ লক্ষ টকা সংগ্ৰহ কৰে ।
ডিজিটেল এৰেষ্টৰ নামত দেশজুৰি চলি থকা বৃহৎ প্ৰৱঞ্চনা চক্ৰৰে জৰিত আৰু গুজৰাটত সংঘটিত এক ডিজিটেল এৰেষ্ট গোচৰৰ সূত্ৰ ধৰি গুজৰাট আৰক্ষীৰ এটা পাঁচজনীয়া দল বৰপেটাৰোডত উপস্থিত হৈ স্থানীয় আৰক্ষীৰ সহযোগত ৰফিকুল আলমক গ্ৰেপ্তাৰ কৰে ।
ধৃত যুৱকজনে গুজৰাটৰ কোনো লোকক ডিজিটেল এৰেষ্টৰ ভয় দেখুৱাই বৃহৎ পৰিমাণৰ ধন লুট কৰাৰ অভিযোগত আৰক্ষীয়ে তেওঁক বিচাৰি আছিল।
অৱশেষত মোবাইল টাৱাৰ লোকেচনৰ ভিত্তিত গুজৰাট আৰক্ষীয়ে বৰপেটাৰোডত অভিযান চলাই তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
ধৃত যুৱকজনক অধিক সোধা-পোছাৰ বাবে গুজৰাটলৈ লৈ যোৱাৰ প্ৰস্তুতি চলোৱা হৈছে। এই চক্ৰটোৰ সৈতে অসমৰ আৰু কোনো লোক জড়িত আছে নেকি, তাক লৈও এতিয়া আৰক্ষীয়ে তদন্ত তীব্ৰতৰ কৰি তুলিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা