
কামৰূপ, ১২ আগষ্ট (হি.স.)। কামৰূপ জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথত কেন্দ্ৰীয় জি এছ টি বিভাগৰ বৃহৎ অভিযান । ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ২৭ খনকৈ কাৰ্বন(কয়লা জাতীয় সামগ্ৰী) ভৰ্তি ট্ৰাক জব্দ কৰে বিভাগটোৱে।
ৰাষ্ট্ৰীয় ঘাইপথৰ মদনপুৰ টোলগেটৰ সমীপত শুক্ৰবাৰে জব্দ কৰা কাৰ্বনভৰ্তি ট্ৰাক বোৰ মংগলবাৰৰ নিশা বাইহাটাৰ অসম পাৰ্কিঙলৈ স্থানান্তৰ কৰে বিভাগটোৱে। বৰ্ণিহাতত লোডিং হোৱা কাৰ্বন ভৰ্তি ট্ৰাক সমুহ অন্ধ্ৰপ্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, পশ্চিম বংগলৈ গৈ থকা অৱস্থাত কেন্দ্ৰীয় জি এছ টি বিভাগে জব্দ কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা