
কলকাতা, ০৯ জুলাই (হি.স.)। পৌৰসভাৰ নিযুক্তি কেলেংকাৰিৰ সৈতে জড়িত পশ্চিম বংগৰ প্ৰাক্তন মন্ত্ৰী সুজিত বসুৰ বিৰুদ্ধে বিশেষ আদালতত অভিযোগনামা দাখিল কৰিছে প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি)। সংস্থাটোৰ অভিযোগ যে প্ৰায় ২৫০ কোটি টকাৰ এই নিযুক্তি কেলেংকাৰীত কেৱল সুজিত বসুৱেই ২০ কোটি টকাৰ অবৈধ লাভ কৰিছিল। তেওঁৰ পুত্ৰ সমুদ্ৰ বসু, দুটা ব্যক্তিগত কোম্পানী আৰু তেতিয়াৰ চৰকাৰী জ্যোতিষ্মান চট্টোপাধ্যায়কো এই গোচৰত অভিযুক্ত হিচাপে উল্লেখ কৰা হৈছে।
ইডিৰ চাৰ্জশ্বিট অনুসৰি সুজিত বসুৱে আৰ্থিক ক্ষতিপূৰণৰ বিনিময়ত ৩৪০ জন প্ৰাৰ্থীক নিযুক্তিৰ বাবে পৰামৰ্শ দিছিল। ইয়াৰে ২৮৪ গৰাকীয়ে নিযুক্তি পত্ৰ লাভ কৰে। তদন্তকাৰী সংস্থাটোৱে দাবী কৰিছে যে প্ৰতিজন প্ৰাৰ্থীৰ পৰা গড়ে ৬ লাখ টকা সংগ্ৰহ কৰা হৈছিল।
ইডিৰ অভিযোগ যে, তেতিয়াৰ পৌৰ আৰু নগৰ উন্নয়ন বিভাগৰ স্থানীয় সংস্থা সঞ্চালকালয়ৰ সঞ্চালক জ্যোতিষ্মান চট্টোপাধ্যায়ে নিযুক্তি প্ৰক্ৰিয়াত অনিয়মৰ সুবিধা প্ৰদানৰ বাবে নিজৰ পদৰ অপব্যৱহাৰ কৰিছিল আৰু তাৰ পৰা আৰ্থিকভাৱে লাভৱান হৈছিল।
তদন্ত অনুসৰি এই বিষয়টো প্ৰথমে পোহৰলৈ আহে শিক্ষা নিযুক্তি কেলেংকাৰিৰ তদন্তৰ সময়ত। ছল্ট লেক আৰু হুগলীত ব্যৱসায়ী অয়ন শ্বিলৰ চৌহদত অভিযান চলাই পৌৰসভাৰ নিযুক্তিৰ সৈতে জড়িত বৃহৎ পৰিমাণৰ নথি-পত্ৰ পোৱা যায়। তদন্তত প্ৰকাশ পাইছে যে তেওঁৰ কোম্পানীয়ে পৰীক্ষাৰ প্ৰশ্নকাকত প্ৰস্তুত কৰা, অ’এমআৰ শ্বীট প্ৰস্তুত কৰা, আৰু নিযুক্তি প্ৰক্ৰিয়াৰ সৈতে জড়িত অন্যান্য কামৰ দায়িত্বত আছিল।
ইডিয়ে কয় যে অনুসন্ধানৰ সময়ত কেইবাটাও পৰামৰ্শৰ নথিও উদ্ধাৰ কৰা হৈছে, য'ত এছ বি বুলি চিহ্নিত কৰা ৰেকৰ্ডও আছিল। তদন্ত অগ্ৰগতিৰ লগে লগে দক্ষিণ ডম ডম পৌৰসভাৰ নিযুক্তি প্ৰক্ৰিয়াত সংঘটিত হোৱা কথিত অনিয়মৰ প্ৰমাণ আৱিষ্কাৰ হয়। সেই সময়ত সুজিত বসুৱে উপাধ্যক্ষৰ পদত অধিষ্ঠিত আছিল। কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো (চিবিআই)ও তদন্তৰ সৈতে জড়িত হৈ আছে।
তদন্তকাৰী সংস্থাটোৰ মতে, সুজিত বসুৱে দিয়া ৪০টা পৰামৰ্শৰ সৈতে জড়িত নথি-পত্ৰও উদ্ধাৰ কৰা হৈছে। ইফালে তেওঁৰ ঘনিষ্ঠ সহযোগী নিতাই দত্তৰ বক্তব্যতো পৰামৰ্শ আৰু নিযুক্তি পত্ৰ জাৰি কৰাৰ বাবে উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছে।
তদন্তত সুজিত বসুৰ পুত্ৰৰ ৰেষ্টুৰেণ্ট, ধাবা আৰু কেইবাটাও নিৰ্মাণ কোম্পানীৰ সৈতে জড়িত সন্দেহজনক আৰ্থিক লেনদেনৰ তথ্য পোহৰলৈ অহা বুলিও দাবী কৰিছে ইডিয়ে। সংস্থাটোৱে অভিযোগ কৰিছে যে ক’ভিড-১৯ মহামাৰীৰ সময়ত কোটি কোটি টকাৰ লেনদেনৰ সন্তোষজনক ব্যাখ্যা দিব পৰা নাই ।
উল্লেখযোগ্য যে বিধানসভাৰ নির্বাচনৰ ফলাফল ঘোষণাৰ পাছতে ব্যাপক সোধা-পোছাৰ অন্তত ১১ মে’ত ইডিয়ে সুজিত বসুক গ্ৰেপ্তাৰ কৰিছিল৷ এই গোচৰত অয়ন শীলৰ বিৰুদ্ধেও অভিযোগনামা দাখিল কৰা হৈছে। ইডিয়ে আদালতত প্ৰায় ১২,৫০০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছে।
বৰ্তমান এই গোচৰৰ বিচাৰ বিশেষ ইডি আদালতত চলি আছে, আৰু অভিযোগ এতিয়াও ন্যায়িক নিৰীক্ষণৰ অধীনত আছে।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ