
নতুন দিল্লী, ০৯ জুলাই (হি.স.)। মলয়ালম চিনেমাৰ আইকনিক ছবি ‘কিৰিদম’ শুকুৰবাৰৰ পৰা ভাৰত আৰু বিদেশৰ চিনেমাগৃহত ৪কে মানদণ্ড আৰু ডলবি এটমছ শব্দৰে পুনৰ মুক্তি পাব। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম-ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰ্কাইভ (এনএফডিচি-এনএফএআই)ৰ উদ্যোগত এই ছবিখন পুনৰুদ্ধাৰ কৰা হৈছে।
১৯৮৯ চনত মুক্তি পোৱা ছবিখনৰ মূল কেমেৰা নেগেটিভ সময়ৰ লগে লগে অৱনতি ঘটিছিল। কিন্তু ভাৰতৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰ্কাইভৰ দ্বাৰা তিনি দশকৰো অধিক সময় ধৰি সংৰক্ষিত ৩৫ মিমি ৰিলিজ প্ৰিন্ট ব্যৱহাৰ কৰি ৪কে পুনৰুদ্ধাৰ সম্ভৱ হৈ উঠিছিল।
ছবিখনৰ পুনৰুদ্ধাৰৰ কাম আছিল হাই-ৰিজ’লিউচন স্কেনিং, ডিজিটেল ইমেজ পুনৰুদ্ধাৰ, ৰঙৰ গ্ৰেডিং, আৰু ডলবি এটমছ শব্দ পুনৰ নিৰ্মাণ কৰা। পৰিচালক ছিবি মলাইল আৰু চিনেমাট’গ্ৰাফাৰ এছ কুমাৰৰ তত্বাৱধানত কাম সম্পূৰ্ণ হয়।
পৰিচালক ছিবি মলাইল আৰু সুৰত এ.কে. লোহিতাদাসৰ এটা কাহিনীৰ আধাৰত নিৰ্মিত কিৰিদামত মুখ্য চৰিত্ৰত অভিনয় কৰিছে মোহনলাল আৰু থিলাকনে। ইয়াক মালয়ালম চিনেমাৰ অন্যতম শ্ৰেষ্ঠ ছবি বুলি গণ্য কৰা হয়।
এন এফ ডি চিৰ পৰিচালন সঞ্চালক প্ৰকাশ মেগদুমে কয় যে বছৰ বছৰ ধৰি সংৰক্ষিত হৈ থকা মুক্তিৰ প্ৰিন্টৰ ফলত এই ক্লাছিক ছবিখনক নতুন ফৰ্মেটত দৰ্শকৰ মাজলৈ অনাৰ সুবিধা হৈছে। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ ঐতিহ্য অভিযানৰ অধীনত ছবিখন সংৰক্ষণ আৰু পুনৰুদ্ধাৰ কৰাৰ বাবে পৰিচালক ছিবি মলাইলে এনএফডিচি-এনএফএআইক কৃতজ্ঞতা জ্ঞাপন কৰে।
পুনৰুদ্ধাৰ কৰা ছবিখনৰ বিশ্ব প্ৰিমিয়াৰ হৈছিল ভাৰতৰ ৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত, য’ত এই ছবিখনে দৰ্শক আৰু চলচ্চিত্ৰ নিৰ্মাতাসকলৰ ইতিবাচক প্ৰতিক্ৰিয়া লাভ কৰিছিল।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ