
উমৰীয়া, ০৯ জুলাই (হি.স.)। মধ্যপ্ৰদেশৰ উমৰিয়া জিলাৰ ৪৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত বৃহস্পতিবাৰে পুৱাই এখন তীব্ৰবেগী এৰটিগা গাড়ীয়ে পথৰ কাষত ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মাৰে। একেটা পৰিয়ালৰ চাৰিজন সদস্য নিহত হোৱাৰ বিপৰীতে এগৰাকী যুৱতী গুৰুতৰভাৱে আহত হয়।
বৃহস্পতিবাৰে পুৱা ৩:৩০ৰ পৰা ৪ বজাৰ ভিতৰত কোটোৱালি থানাৰ চিভিল লাইনছ আউটপোষ্টৰ অন্তৰ্গত ভৰাউলাৰ সিদ্ধবাবা মন্দিৰৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। ইমানেই তীব্ৰ প্ৰভাৱ পৰিছিল যে গাড়ীখন ছিন্নভিন্ন হৈ পৰে আৰু তাত থকা লোকসকল আবদ্ধ হৈ পৰে। আৰক্ষী আৰু উদ্ধাৰকাৰী দলে ঘণ্টাৰ পিছত ঘণ্টা চেষ্টাৰ অন্তত আহত আৰু মৃতদেহ উলিয়াই আনে। মৃত লোকসকলৰ ভিতৰত আছে এটা নিৰীহ শিশু, দুগৰাকী মহিলা আৰু এজন পুৰুষ।
আৰক্ষীয়ে জনোৱা মতে, এম পি-১৮-জে-৯৬৭৭ নামৰ এৰটিগা গাড়ীত গৈ থকা পৰিয়ালটো অনুপপুৰ জিলাৰ ৰাজেন্দ্ৰগ্ৰাম থানা এলেকাৰ লিলহাটোলা গাঁৱৰ পৰা চিত্ৰকূটলৈ গৈ আছিল। ছোৱালীজনীৰ পৰীক্ষাত অংশ ল’বলৈ গৈ আছিল পৰিয়ালটো, কিন্তু বাটতে সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনা। দুৰ্ঘটনাটোৰ বিষয়ে তথ্য লাভ কৰাৰ লগে লগে কোটৱালি আৰক্ষী, চিভিল লাইনছ আউটপোষ্টৰ কৰ্মী, আৰু ১০৮ এম্বুলেন্স সেই স্থানত উপস্থিত হয়। ক্ষতিগ্ৰস্ত গাড়ীখনত আবদ্ধ হৈ থকা লোকসকলক মুক্ত কৰিবলৈ দীঘলীয়া উদ্ধাৰ অভিযানৰ প্ৰয়োজন হৈছিল।
অতিৰিক্ত আৰক্ষী অধীক্ষক আলোক শৰ্মাই জনোৱা মতে, গাঁওবুঢ়া কুলপত সিং (৩৭), তেওঁৰ মুখ্য কনিষ্টবল পত্নী সবিতা সিং মাৰ্কো (৩২), প্ৰিয়ংকা সিং আৰু তিনি বছৰীয়া ৰুদ্ৰ প্ৰতাপৰ থিতাতে মৃত্যু হয়। গুৰুতৰভাৱে আহত হয় ২২ বছৰীয়া খুছবু মাৰ্কো। চিকিৎসালয়ত উপস্থিত হোৱাৰ লগে লগে তাইৰ উশাহ বন্ধ হৈ গৈছিল যদিও চিকিৎসকে লগে লগে চিপিআৰ কৰি তাইক সজীৱ কৰি তুলিছিল। প্ৰাথমিক চিকিৎসা গ্ৰহণ কৰাৰ পিছত তেওঁক উন্নত চিকিৎসাৰ বাবে জবলপুৰলৈ প্ৰেৰণ কৰা হয়। তাইৰ অৱস্থা সংকটজনক হৈয়ে আছে।
দুৰ্ঘটনাটোৰ পৰা ৰক্ষা পৰে গাড়ী চালক দাদন সিং যদিও গভীৰ স্তম্ভিত হৈ পৰিছে। আৰক্ষীৰ মতে, তেওঁৰ মানসিক অৱস্থা স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ পিছতহে দুৰ্ঘটনা সন্দৰ্ভত বিতং তদন্ত কৰা হ’ব। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ