তেজপুৰৰ বিভিন্ন অঞ্চলত শিল বালিৰ অবৈধ খনন আৰু মজুতকৰণৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযান
–ভালুকঝাৰণিত অবৈধ খননৰ ফলত সৃষ্টি হৈছে বৃহৎ আকাৰৰ পুখুৰী শোণিতপুৰ, ০৯ জুলাইঃ (হি.স.)। তেজপুৰৰ পুনিয়নি, শ’লমৰা, জাহাজডুবা, ভালুকঝাৰণি, বৰগুৰি, বাটামাৰি, ভোমোৰাগুৰি আদি বিভিন্ন অঞ্চলত চৰকাৰী মাটিত একাংশই যধে মধে শিল বালিৰ অবৈধ খনন চলাই আহিছে ৷ মৰাভ
তেজপুৰৰ বিভিন্ন অঞ্চলত শিল বালিৰ অবৈধ খনন আৰু মজুতকৰণৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযান


–ভালুকঝাৰণিত অবৈধ খননৰ ফলত সৃষ্টি হৈছে বৃহৎ আকাৰৰ পুখুৰী

শোণিতপুৰ, ০৯ জুলাইঃ (হি.স.)। তেজপুৰৰ পুনিয়নি, শ’লমৰা, জাহাজডুবা, ভালুকঝাৰণি, বৰগুৰি, বাটামাৰি, ভোমোৰাগুৰি আদি বিভিন্ন অঞ্চলত চৰকাৰী মাটিত একাংশই যধে মধে শিল বালিৰ অবৈধ খনন চলাই আহিছে ৷ মৰাভৰলীৰ বুকুতো চলোৱা এনে অবৈধ খননৰ ফলত সৃষ্ট খালত পৰি বিগত ছমাহৰ ভিতৰত শিশু কিশোৰ সহ পাঁচজনৰ প্ৰাণ হানি হৈছে ৷ উল্লেখযোগ্য যে, চৰকাৰী ভূমিত এনেদৰে যধে মধে আৰু অবৈধ ভাবে মুকলিভাবেই চলে খনন কাৰ্য ৷

উল্লেখযোগ্য যে, শ’লমৰা, ভালুকঝাৰণি আৰু বৰগুৰিত সৰ্বাধিক পৰিমাণে অবৈধ খনন চলিছে ৷ ভালুকঝাৰণিৰ চৰকাৰী ভূমিত চলা এনে অবৈধ খননৰ ফলত এনেবোৰ স্থানত একোটা প্ৰকাণ্ড পুখুৰীৰ সৃষ্টি হৈছে ৷ প্ৰণিধানযোগ্য যে, এনেবোৰ অঞ্চলৰ পৰা খনন কৰা শিল বালি ডাম্পাৰ, ট্ৰাকৰে কঢ়িয়াই আনি পাহাৰ সদৃশ পৰিমাণৰে তেনেবোৰ অঞ্চলৰে কাষত নতুবা সুবিধাজনক অঞ্চলত মজুত কৰি বিক্ৰী কৰি থকা হৈছে ৷ এনেবোৰ অবৈধ খনন সন্দৰ্ভত একাংশ সংবাদ মাধ্যমত সঘনাই বাতৰি প্ৰকাশ পাইছিল য’দিও শোণিতপুৰ প্ৰশাসন তথা বনবিভাগৰ ইমানদিনে গা লৰা নাছিল ৷ কিন্তু কালিৰে পৰা শোণিতপুৰ প্ৰশাসনে বন বিভাগৰ সহযোগত হঠাতে এনে অবৈধ খনন আৰু সামগ্ৰী মজুতকৰণৰ বিৰুদ্ধে কেতবোৰ অঞ্চলত অভিযান আৰম্ভ কৰিছে য’দিও অতিশয় অবৈধ খনন চলা ভালুকঝাৰণি, পুনিয়নি, বৰগুৰি আৰু শ’লমৰাত এতিয়াও বাকী আছে অভিযান চলিবলৈ ৷

উল্লেখযোগ্য যে, কালি শোণিতপুৰৰ আয়ুক্ত আনন্দ কুমাৰ দাস, বন প্ৰাধিকাৰীৰ লগতে বনবিভাগ, চক্ৰবিষয়া আদিৰ স’তে জাহাজডুবাত উপস্থিত হৈ এনে অবৈধ খনন আৰু মজুতকৰণৰ বিৰুদ্ধে অভিযান চলোৱাৰ পাছত আজি বাটমাৰী, ভোমোৰাগুৰি আদি অঞ্চলত অভিযান চলাই অবৈধ ভাৱে চলোৱা খনন স্থলীত ডাম্পাৰ, এক্সকেভেটৰ আদি জব্দ কৰাৰ উপৰিও অবৈধ ভাৱে মজুত ৰখা শিল, বালি জব্দ কৰে ৷ অৱশ্যে জিলা আয়ুক্ত অবৈধ ভাবে শিলবালিৰ খনন স্থলী পোৱাৰ পূৰ্বেই পলায়ন কৰে এনে অবৈধ খননৰে জড়িত ব্যৱসায়ী আৰু শ্ৰমিক সকল ৷ প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি বনবিভাগ আৰু আৰক্ষীয়ে মহল সমুহত থকা বাহন সমূহ জব্দ কৰিছে আৰু পৰৱৰ্তী সময়ত নিবিদাৰ জৰিয়তে এইসমুহ শিলবালি নিলাম কৰিব বুলিও সূত্ৰটোৱে সদৰি কৰিছে ৷

ইফালে জিলা আয়ুক্তৰ নেতৃত্বত গঠন হোৱা এটি টাস্ক ফৰ্চৰ দলে এই অভিযান অব্যাহত ৰাখিব বুলিও প্ৰকাশ কৰা হৈছে ৷ জিলাখনৰ একাংশ বনবিভাগৰ কৰ্মচাৰীৰ লগতে ৰাজনৈতিক আশীৰ্বাদতে এনেদৰে বছৰৰ পিছত বছৰ কাল চলি আহিছে এই অবৈধ ব্যৱসায় ৷ জীয়াভৰলী আৰু মৰাভৰলী নদীৰ সমীপত এতিয়াও বহুস্থানত একাংশ লোকে চলাই আছে অবৈধ শিল আৰু বালিৰ চোৰাং মহল ৷বিশেষকৈ ভালুকঝাৰণিৰ বৃহৎ আৰু অবৈধ খননৰ ফলত অঞ্চলটোত ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু শ’লমৰা, বৰগুৰিৰ লগতে ভালুকঝাৰণিৰ এই অবৈধ খনন কঠোৰভাবে বন্ধ কৰিব লাগে বুলিও দাবী উঠি আহিছে যদিও আজিলৈকে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই ৷

উল্লেখযোগ্য যে, তেজপুৰত চলা এনে অবৈধ খননৰ স’তে একাংশ ৰাজনৈতিক ভাবে সক্ৰিয় লোক আৰু দুই এক মণ্ডলো জড়িত হৈ থকা বুলি অভিযোগ উঠাৰ উপৰি এই সকলোবোৰ কাৰ্য বন বিভাগৰ জ্ঞাতসাৰেই সংঘটিত হৈ থকা বুলি চৰ্চা চলি আহিছে ৷ আনকি তেজপুৰ চহৰৰ পাৰ্শ্বৱৰ্তী অঞ্চলতো বৃহৎ পৰিমাণৰ শিলবালি অবৈধ ভাবে মজুত কৰি ৰখা হৈছে ৷

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande