তেজপুৰত মহিলাৰ অনুষ্ঠান সংস্কৃতাৰ উদ্যোগত ৮ দিনীয়া চিৰসেউজ অসমীয়া গীতৰ কৰ্মশালাৰ সামৰণি
-শিশুৰ পৰা ৭০ বছৰীয়া আইতাই শিকিলে গীত -অসমীয়া চিৰসেউজ গীত সমূহে মজবুত কৰি ৰাখিছে অসমীয়া আধুনিক সংগীতৰ শিপা --ড০ স্বাধীনতা মহন্ত -শুদ্ধকৈ আয়ত্ব কৰাৰ পিছতহে প্ৰদৰ্শন কৰিব লাগে --ড০ মনোজ কুমাৰ হাজৰিকা শোণিতপুৰ, ০৯ জুলাই (হি.স.)। তেজপুৰৰ মহিলাৰ
তেজপুৰত মহিলাৰ অনুষ্ঠান সংস্কৃতাৰ উদ্যোগত ৮ দিনীয়া চিৰসেউজ অসমীয়া গীতৰ কৰ্মশালাৰ সামৰণি


-শিশুৰ পৰা ৭০ বছৰীয়া আইতাই শিকিলে গীত

-অসমীয়া চিৰসেউজ গীত সমূহে মজবুত কৰি ৰাখিছে অসমীয়া আধুনিক সংগীতৰ শিপা --ড০ স্বাধীনতা মহন্ত

-শুদ্ধকৈ আয়ত্ব কৰাৰ পিছতহে প্ৰদৰ্শন কৰিব লাগে --ড০ মনোজ কুমাৰ হাজৰিকা

শোণিতপুৰ, ০৯ জুলাই (হি.স.)।

তেজপুৰৰ মহিলাৰ এক সামাজিক সাংস্কৃতিক অনুষ্ঠান 'সংস্কৃতা'ই বিগত বৰ্ষবোৰৰ দৰে এই বৰ্ষতো যোৱা ৩ জুলাইৰ পৰা অনুষ্ঠিত কৰা গ্ৰীষ্ম কালীন কৰ্মশালাখনি সামৰণি পৰে । অনুষ্ঠিত হোৱা সামৰণি অনুষ্ঠান সঞ্চালনা কৰে 'সংস্কৃতা'ৰ নৱ নিৰ্বাচিত সভানেত্ৰী তথা চিত্ৰশিল্পী অলকা শৰ্মাই৷

অতিথি আৰু প্ৰশিক্ষকক আদৰণি সম্ভাষণ জনোৱাৰ পিচত, বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সাহিত্যিক, সুবক্তা প্ৰজ্ঞাধী ড° স্বাধীনতা মহন্তই ৷ বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মনোজ কুমাৰ হাজৰিকাই ৷ বিশেষ আমন্ত্ৰিত অতিথিৰূপে জ্যেষ্ঠ সাহিত্যিক তথা শিক্ষয়িত্ৰী মায়া শৰ্মা, দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা মিনু দেৱী, ভাষা-সাহিত্য-সংস্কৃতিৰ

সামাজিক অনুষ্ঠান 'সুদৰ্শন অসম'ৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক অলক শৰ্মা, বৈদ্যুতিন মাধ্যম 'নিউজ লাইভ'ৰ জ্যেষ্ঠ সাংবাদিক পুলক কুমাৰ ডেকা, 'সৰস্বতী সেৱা ন্যাস'ৰ সদস্যা অনিমা দেৱী,গীতাঞ্জলী শৰ্মা; 'সংস্কৃতা'ৰ সদস্যা গীতা বাইলুং, জয়া দাস, কুণ্টা দেৱী, মামুন দেৱী, স্থানীয় নিৰু পাটোৱাৰী, সুভাষ অধিকাৰী প্ৰমুখ্যে অতিথি সকলৰ উপস্থিতিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি অনুষ্ঠানৰ আঁত ধৰে নৱনিৰ্বাচিত সম্পাদিকা অঞ্জলি শৰ্মাই ৷ কেউটা দিনেই প্ৰশিক্ষক তথা গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ সুকণ্ঠী গায়িকা গীতা ভূঞাই কেইবাটাও চিৰসেউজ অসমীয়া নিৰ্বাচিত গীত, প্ৰশিক্ষণত গোটখোৱা ১৮-২০ গৰাকী প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ দিয়ে ৷ তেখেতক হাৰমনিয়াম আৰু তবলাৰে বাদ্য সংগত কৰি সহযোগ কৰে কন্ঠ শিল্পী, অভিনেতা খনীন্দ্ৰ কুমাৰ ডেকা আৰু তবলা বাদক উৎপল বৰাই ৷

প্ৰশিক্ষাৰ্থী সকলৰ ভিতৰত শিশুৰ পৰা সত্তৰ বছৰীয়া জ্যেষ্ঠ আইতালৈকে শিকাৰ আগ্ৰহে কৰ্মশালাটোক এক বিশেষ মাত্ৰা প্ৰদান কৰে ৷ অনুষ্ঠানটিত বিশিষ্ট শিক্ষাবিদ, লেখিকা ড০ স্বাধীনতা মহন্তই ভাষণ আগবঢ়ায় । ড০ মহন্তই কয় — গৰমৰ বন্ধত যি সকল ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱকে অলপ সময় উলিয়াই অসমীয়া গীত-মাত, কবিতা আবৃত্তি, চিত্ৰকলা, অভিনয় আদি শিকিবলৈ আগ্ৰহী হৈ উঠে; সেই সকলে অসমীয়া ভাষা সংস্কৃতিক উজ্জীৱিত কৰাৰ ক্ষেত্ৰত, সৃজনশীল কৰ্মৰাজিক জীয়াই ৰখাৰ ক্ষেত্ৰত আৰু জাতীয় চৈতন্য জাগৃত কৰি ৰখাৰ ক্ষেত্ৰত ঘাই শিপাডালৰ যি ভূমিকা, সেয়া ধৰি ৰাখিবলৈ তেওঁলোকেও সামৰ্থ্যবান হৈ উঠিব পাৰে ৷ ইয়াত আজি যি সমূহ গীত শিকি পৰিৱেশন কৰিলে, সেয়া হৈছে অসমীয়া সুৱদি সুৰীয়া গীত-সংগীতৰ শিপাৰ ৰস টানি পুৰঠ হোৱা সোণালী যুগৰ উজ্জ্বল দৃষ্টান্ত।

আনহাতে বিশিষ্ট অতিথি ড° মনোজ কুমাৰ হাজৰিকাই তেওঁৰ চমু মন্তব্যত প্ৰথমে প্ৰশিক্ষণ, তাৰপিচত প্ৰতিযোগিতা আৰু তাৰ পিচতহে প্ৰদৰ্শন কৰিব লাগে বুলি কয় ৷ আজি প্ৰশিক্ষাৰ্থী সকলে গোৱা গানে তেওঁকো শিকিবলৈ আগ্ৰহী কৰি তুলিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷ প্ৰশিক্ষাৰ্থী সকলে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, কবি গীতিকাৰ হীৰেণ ভট্টাচাৰ্য্য, কমলানন্দ ভট্টাচাৰ্য্য,ৰুণুমী ঠাকুৰ আদিৰ কেইবাটাও যুগজয়ী গীত পৰিৱেশন কৰে ৷ কণ্ঠশিল্পী গীতা ভূঞাই তেওঁৰ সুকণ্ঠী গায়কীৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ “জয়া নাই জয়া নাই,অসমী আইৰ চেনেহৰ জী সতী জয়মতী নাই...৷৷” গীত পৰিৱেশন কৰি সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে ৷

সভানেত্ৰী প্ৰমুখ্যে বিশিষ্ট অতিথি সকলৰ দ্বাৰা প্ৰশিক্ষাৰ্থী সকলক প্ৰশিক্ষণৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়৷ সভাপতিৰ আসনৰ পৰা অলকা শৰ্মাই সভাৰ মন্তব্য দিয়াৰ পিচত সদ্যপ্ৰাক্তন সম্পাদিকা গীতাঞ্জলী শৰ্মাই শলাগৰ শৰাই আগবঢ়ায় ৷ সৰস্বতী সেৱা ন্যাস'ৰ সভাগৃহত অনুষ্ঠিত হোৱা কৰ্মশালা খন জাতীয় সংগীতেৰে সমাপ্ত হয় ৷

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande