কাশী বিশ্বনাথ মন্দিৰৰ গেটত পিএচি জোৱানৰ কাৰবাইনৰ পৰা চলিল গুলী, তিনিজন দোকানী আহত
বাৰাণসী, ০৪ জুলাই (হি.স.)। উত্তৰ প্ৰদেশৰ বাৰাণসীৰ শ্ৰী কাশী বিশ্বনাথ মন্দিৰৰ ৪ নং গেটত শনিবাৰে কৰ্তব্যৰত অৱস্থাত পিএচি জোৱানৰ লোডেড কাৰ্বাইন হাতৰ পৰা পিছলি মাটিত পৰি যায়। কাৰ্বাইনটো পৰি যোৱাৰ লগে লগে হঠাৎ গুলীচালনা হোৱাত কিছুসময় মন্দিৰ চৌহদৰ বাহ
हादसे में घायल दुकानदार


घायलों से पूछताछ करती पुलिस


বাৰাণসী, ০৪ জুলাই (হি.স.)। উত্তৰ প্ৰদেশৰ বাৰাণসীৰ শ্ৰী কাশী বিশ্বনাথ মন্দিৰৰ ৪ নং গেটত শনিবাৰে কৰ্তব্যৰত অৱস্থাত পিএচি জোৱানৰ লোডেড কাৰ্বাইন হাতৰ পৰা পিছলি মাটিত পৰি যায়। কাৰ্বাইনটো পৰি যোৱাৰ লগে লগে হঠাৎ গুলীচালনা হোৱাত কিছুসময় মন্দিৰ চৌহদৰ বাহিৰত আতংকৰ সৃষ্টি হয় ।

প্ৰত্যক্ষদৰ্শীৰ মতে, গুলীটো পোনে পোনে পথত খুন্দা মাৰে। গুলীৰ প্ৰভাৱত শিল উফৰি গৈ ওচৰৰ দোকানীসকলক আঘাত কৰাত ফুল আৰু মালা বিক্ৰী কৰি থকা নিকি গুপ্তা, ৰামবাবু, বিকাশ যাদৱ আহত হয়। আহত সকল সামান্যভাৱে আঘাতপ্ৰাপ্ত হয়।

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় জ্যেষ্ঠ আৰক্ষী বিষয়া । আহত তিনিওজনকে লগে লগে চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত প্ৰাথমিক চিকিৎসাৰ পিছত তেওঁলোকৰ অৱস্থা স্বাভাৱিক হোৱা বুলি জানিব পৰা যায়।

ঘটনাৰ পিছতে কিছুসময় ধৰি মন্দিৰৰ ৪ নং গেটত লৰাঢপৰাৰ সৃষ্টি হয় । এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande