
ইছলামাবাদ, ০৪ জুলাই (হি.স.)। বিশ্ব ঐতিহ্য ক্ষেত্ৰ তক্ষশিলাৰ দুটা প্ৰাচীন কীৰ্তিচিহ্নৰ পুনৰ নিৰ্মাণৰ কাম সন্দৰ্ভত পাকিস্তানক কঠোৰ সতৰ্কবাণী জাৰি কৰিছে ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাই। সংস্থাটোৱে কয় যে যদিহে নিৰ্মাণ কাম পুনৰ মূল ৰূপলৈ ঘূৰাই অনা নহয় তেন্তে তক্ষশিলা বিপদত পৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হ’ব পাৰে আৰু ইয়াৰ বিশ্ব ঐতিহ্যৰ মৰ্যাদা প্ৰভাৱিত হ’ব পাৰে।
ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় চৰকাৰী টেলিভিছন নেটৱৰ্ক ৰাছিয়া টুডে (আৰ টি)য়ে স্থানীয় সংবাদ মাধ্যমৰ উদ্ধৃতি দি কয় যে ইউনেস্ক’ই শেহতীয়াকৈ পাকিস্তান চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে হোৱা বৈঠকত স্পষ্ট কৰি দিছে যে ঐতিহাসিক স্থানসমূহৰ “অপ্ৰয়োজনীয় পৰিৱৰ্তন”ৰ ফলত ইয়াৰ প্ৰামাণ্যতা আৰু ঐতিহাসিক অখণ্ডতাৰ ক্ষতি হয়। সংস্থাটোৱে জাৰ্মানীৰ এটা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ কথাও উল্লেখ কৰে, যিটো একে কাৰণতে তালিকাৰ পৰা আঁতৰাই দিয়া হৈছিল।
ইউনেস্কোৱে বিশেষভাৱে আপত্তি জনাইছে তক্ষশিলাৰ দুটা প্ৰধান প্ৰত্নতাত্ত্বিক স্থান, মহৰা মোৰাডু আৰু ছিৰকাপৰ পুনৰ্নিৰ্মাণৰ কামত। সংস্থাটোৱে জনোৱা মতে, এই কামসমূহে কীৰ্তিচিহ্নসমূহৰ মূল ৰূপত প্ৰভাৱ পেলাইছে।
বিষয়টো পোহৰলৈ আহে যেতিয়া এজন অচিনাক্ত ব্যক্তিয়ে পেৰিছত ইউনেস্ক’ত পাকিস্তানৰ স্থায়ী প্ৰতিনিধিলৈ এই নিৰ্মাণসমূহৰ বিশদ ফটো আৰু নথি-পত্ৰ প্ৰেৰণ কৰে। অভিযোগত পঞ্জাৱ পুৰাতত্ত্ব বিভাগে মূল প্ৰাচীন প্ৰাচীন দেৱালৰ ঠাইত কেইবাটাও স্থানত নতুন দেৱাল নিৰ্মাণ কৰাৰ লগতে কিছুমান অঞ্চলৰ উচ্চতাও বৃদ্ধি কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে।
অভিযোগৰ পিছতে ইউনেস্ক’ৰ এটা দলে তক্ষশিলা পৰিদৰ্শন কৰি পৰিস্থিতি পৰ্যবেক্ষণ কৰে। পৰিদৰ্শনৰ পিছত সংস্থাটোৱে পাকিস্তানক পুনৰ নিৰ্মাণৰ কাম পুনৰীক্ষণ কৰি পুনৰ মূল ৰূপলৈ ঘূৰাই আনিবলৈ আহ্বান জনায়।
প্ৰাচীন কালত তক্ষশিলা আছিল এক প্ৰধান শৈক্ষিক আৰু সাংস্কৃতিক কেন্দ্ৰ, ইয়াৰ ঐতিহাসিক উত্তৰাধিকাৰ খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাৰ পৰাই আৰম্ভ হৈছিল। ইউনেস্কোৱে ১৯৮০ চনত ইয়াক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা প্ৰদান কৰে।
-----------------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ