নগাঁৱৰ পুৰণিগুদামৰ হালোৱাগাঁৱত জাৰি বিএনএছৰ ১৬৩ ধাৰা
নগাঁৱৰ পুৰণিগুদামৰ হালোৱাগাঁৱত জাৰি কৰা হৈছে BNSৰ ১৬৩ধাৰা।
নগাঁৱৰ পুৰণিগুদামৰ হালোৱাগাঁৱত জাৰি বিএনএছৰ ১৬৩ ধাৰা


নগাঁও, ০৪ জুলাই (হি.স.): নগাঁৱৰ পুৰণিগুদামৰ হালোৱাগাঁৱত জাৰি কৰা হৈছে বিএনএছৰ ১৬৩ ধাৰা । পোহনীয়া গাহৰিৰ শৰীৰত বিপজ্জনক আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ ধৰা পৰাৰ পিছতেই বিএনএছৰ ১৬৩ ধাৰা জাৰি কৰে জিলা প্ৰশাসনে । হালোৱা গাঁৱৰ ১০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত গাহৰি বা গাহৰিৰ মাংস বা ইয়াৰ পৰা উৎপাদিত সামগ্ৰীৰ বিক্ৰী আৰু সৰবৰাহ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।

জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই জাৰি কৰিছে এই নিৰ্দেশনা । আনপিনে হালোৱাগাঁৱৰ এক কিলোমিটাৰ ব্যাসাৰ্ধৰ অঞ্চলটোক সংক্ৰমিত অঞ্চল আৰু ১০ কিলোমিটাৰ ব্যাসাৰ্ধক নিৰীক্ষণ অঞ্চল হিচাপে ঘোষণা কৰা হৈছে । এই নিৰীক্ষণ অঞ্চললৈ বা ইয়াৰ পৰা জীৱন্ত গাহৰিও আন ঠাইলৈ সৰবৰাহ কৰিব নোৱাৰিব । গাহৰি পালকসকলক পশুপালন বিভাগৰ তৰফৰ পৰা প্ৰদান কৰা নিৰ্দেশনাসমূহ মানি চলিবলৈ আহ্বান জনাইছে জিলা আয়ুক্তই । অঞ্চলটোত কোনো গাহৰিৰ মৃত্যু হ'লে তাৎক্ষণিকভাৱে ওচৰৰ পশুপালন বিভাগৰ লোকক অবগত কৰিবলৈ আহ্বান জনায় । এই নিৰ্দেশ উলংঘা কৰিলে আইন অনুসৰি দণ্ডনীয় হ'ব বুলি নিৰ্দেশযোগে সকীয়নী দিয়ে জিলা আয়ুক্তই ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande