নুমলীগড় ধনশিৰি দলঙৰ সমীপত অঘটন
নুমলীগড় ধনশিৰি দলঙৰ সমীপত অঘটন।
নুমলীগড় ধনশিৰি দলঙৰ সমীপত অঘটন


গোলাঘাট, ০৪ জুলাই (হি.স.): গোলাঘাট জিলাৰ নুমলীগড় ধনশিৰি দলঙৰ সমীপত এক অঘটন সংঘটিত হৈছে । যোৱা কালি শুকুৰবাৰে নিশা নিয়ন্ত্ৰণহীন হৈ ধনশিৰি নদীত পৰিল এখন টাটা ইণ্ডিগ' বাহন ।

জানিব পৰামতে, যোৱা কালি নিশা এহাল যুৱক-যুৱতী থকা এএছ ০১ বিএ ৫৭৭৫ পঞ্জীয়ন নম্বৰৰ এখন টাটা ইণ্ডিগ' বাহন নিয়ন্ত্ৰণহীন হৈ ধনশিৰি নদীত বাগৰি পৰে । নুমলীগড়ৰ ধনশিৰি নদীৰ পাৰত থকা ছটঘাটৰ কাষেদি নিয়ন্ত্ৰণহীন হৈ বাহনখন পৰিল ধনশিৰিৰ পানীত। স্থানীয় ৰাইজৰ তৎপৰতাত কথমপি প্ৰাণৰক্ষা বাহনখনত থকা যুৱক- যুৱতীহালৰ। বোকাখাত যান-বাহন শাখাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুয়োগৰাকী আৰোহীক ততাতৈয়াকৈ বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে নদীৰ পানীৰ পৰা গাড়ীখন উদ্ধাৰৰ ব্যৱস্থা গ্ৰহণ কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande