
গোলাঘাট, ০৪ জুলাই (হি.স.): গোলাঘাট জিলাৰ নুমলীগড়ৰ কানাইঘাটত যোৱা কালি শুকুৰবাৰে সন্ধিয়া সংঘটিত হয় এক পথ দুৰ্ঘটনা । এই ঘটনাত এজন যুৱক নিহত হয়।
এখন বাইক আৰু এখন গাড়ীৰ মাজত সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনাটো ঘটে । দুৰ্ঘটনাটোত বাইকত অহা এজন যুৱকৰ কৰুণ মৃত্যু হয় । আনহাতে এজনক সংকটজনক অৱস্থাত যোৰহাট চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে । মৃত্যু হোৱা লোকজন ৪নং ৰংবঙৰ আব্বাছ আলী বুলি জানিব পৰা গৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ