
ডিব্ৰুগড়, ০৪ জুলাই (হি.স.): ডিব্ৰুগড়ৰ চান্দমাৰী ঘাটৰ ২২ নং ৱাৰ্ডত সংঘটিত হৈছে এক চাঞ্চল্যলক ঘটনা । এগৰাকী যুৱতী নিখোজ হোৱাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে এক তীব্ৰ উত্তপ্ত পৰিস্থিতিৰ । অভিযোগ অনুসৰি, ভাইজান আলী নামৰ এজন ইছলামধৰ্মী যুৱকৰ ধাৰাবাহিক নিৰ্যাতনৰ বলি হৈছিল অনিতা দাস নামৰ এগৰাকী হিন্দু যুৱতী।
জানিব পৰামতে, যুৱকজনৰ অত্যাচাৰৰ বাবেই যুৱতীগৰাকীয়ে কলেজলৈ যোৱাটো বন্ধ কৰিবলগীয়া হৈছিল। পৰিস্থিতি অসহ্য হৈ পৰাত অৱশেষত পিতৃ-মাতৃয়ে যুৱতীগৰাকীক মোমায়েকৰ ঘৰলৈ পঠিয়াই দিবলৈ বাধ্য হৈছিল । আনকি ইয়াৰ পূৰ্বে অতিষ্ঠ হৈ যুৱতীগৰাকীয়ে নিজৰ হাত কাটি আত্মহত্যাৰো চেষ্টা চলাইছিল বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে, বিগত দুদিনৰ পূৰ্বে মোমায়েকৰ ঘৰৰ পৰা হঠাতে নিখোজ হয় যুৱতীগৰাকী । পৰিয়ালৰ লোকে বিভিন্ন স্থানত বিচাৰ-খোচাৰ কৰে যদিও বৰ্তমানলৈকে যুৱতীগৰাকীৰ কোনো সন্ধান লাভ কৰা নাই।যুৱতীগৰাকী নিখোজ হোৱাৰ পিছতেই আজি ভুক্তভোগী পিতৃ-মাতৃ আৰু বজৰং দলৰ সদস্যসকলে একত্ৰিত হৈ বৰবাৰী আৰক্ষী থানাত উপস্থিত হয় ।
ঘটনাটোক কেন্দ্ৰ কৰি থানাৰ সন্মূখত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । প্ৰতিবাদকাৰী আৰু পৰিয়ালৰ লোকে অতি শীঘ্ৰে যুৱতীগৰাকীক উদ্ধাৰ কৰাৰ দাবী জনাইছে । ইয়াৰ লগতে তেওঁলোকে হুংকাৰ প্ৰদান কৰি কয় যে, যদিহে অতি শীঘ্ৰে যুৱতীগৰাকীক অক্ষত অৱস্থাত উদ্ধাৰ কৰা নহয়, তেন্তে পৰৱৰ্তী সময়ত আৰু অধিক জংগী আন্দোলন গঢ়ি তোলা হ’ব ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ