সৰুক্ষেত্ৰীৰ ক্ষুদ্ৰ গোমূৰাৰ শান্তিপুৰৰ পথৰ শোচনীয় অৱস্থাৰ ফলত দীৰ্ঘদিন ধৰি যাতায়ত দুৰ্ভোগ
পথৰ নামত যমৰ যাতনা ভুঞ্জিব লগীয়া হৈছে সাধাৰণ জনতা।
সৰুক্ষেত্ৰীৰ ক্ষুদ্ৰ গোমূৰাৰ শান্তিপুৰৰ পথৰ শোচনীয় অৱস্থাৰ ফলত দীৰ্ঘদিন ধৰি যাতায়ত দুৰ্ভোগ


এফালে বোকা পানী আনফালে অত্যন্ত এটি থেক পথেৰেই চলিছে যাতায়ত।

নলবাৰী, ০৪ জুলাই (হি.স.): ঐতিহাসিক কাঁহ শিল্প নগৰী সৰ্থেবাৰীৰ গাতে লাগি থকা শান্তিপুৰৰ জনতাই যাতায়তৰ ক্ষেত্ৰত চৰম দুৰ্ভোগৰ সন্মুখীন হৈছে। লচিমাস্থিত সৰুক্ষেত্ৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ৭২ নং সৰুক্ষেত্ৰী গাঁও পঞ্চায়তৰ ক্ষুদ্ৰ গোমূৰাৰ শান্তিপুৰৰ গুৰুত্বপূৰ্ণ পথৰ শোচনীয় অৱস্থাই স্থানীয় ৰাইজক দীৰ্ঘদিন ধৰি দুৰ্ভোগ ভুগাই আছে। গাঁওখনৰ ৩ নং ৱাৰ্ডৰ কালভাৰ্টৰ পৰা উত্তৰ দিশে ৰণীধৰ ডেকাৰ ঘৰলৈ যোৱা পথটো সম্পূৰ্ণ জৰাজীৰ্ণ হৈ পৰিছে। বিশেষকৈ বাৰিষাৰ সময়ত পথটো বোকা-পানীৰে ভৰি পৰাৰ ফলত ছাত্ৰ-ছাত্ৰী, জ্যেষ্ঠ নাগৰিককে ধৰি সাধাৰণ ৰাইজে যাতায়াতত চূড়ান্ত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে।

খোজকাঢ়ি যাবলৈ ভয় হয় এই পথত। ইয়াৰ উপৰি, একেই কালভাৰ্টৰ পৰা পশ্চিম দিশলৈ যোৱা আনটো চুৰিলৈ যোৱা পথৰ অৱস্থাও সমানে শোচনীয়। পথ দুটাৰ বেয়া অৱস্থাৰ বাবে দৈনন্দিন যাতায়াত যথেষ্ট বিপদসংকুল হৈ পৰিছে বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে। সেয়ে অতি শীঘ্ৰে পথ দুটাৰ মেৰামতিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় বিধায়ক দীপক কুমাৰ দাসৰ ওচৰত অঞ্চলবাসীয়ে আহ্বান জনাইছে। উন্নয়নৰ স্বাৰ্থত আৰু ৰাইজৰ যাতায়াতৰ সুবিধাৰ বাবে সংশ্লিষ্ট বিভাগে অতি সোনকালে এই সমস্যাৰ স্থায়ী সমাধান কৰিব বুলি স্থানীয় ৰাইজে আশা প্ৰকাশ কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande