
বৰপেটা, ০৪ জুলাই (হি.স.): বৰপেটা জিলাৰ জনীয়াৰ গৰেমাৰী পাথাৰৰ এটা পথৰ দুৰৱস্থাৰ বাবে যাতায়তৰ ক্ষেত্ৰত আহুকালৰ সৃষ্টি হৈছে । গৰেমাৰী পাথাৰ মণ্ডলপাৰা গাঁৱৰ পৰা বৰপেটালৈ যোৱা পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে ৰাইজক । এজাক বৰষুণতেই কদৰ্যময় হৈ পৰে পথচোৱা । বিধ্বস্থ পথৰ বাবে দীৰ্ঘদিন ধৰি বৃহত্তৰ অঞ্চলৰ ৰাইজে চলাচলৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হৈছে ।
আনহাতে পথটো মেৰামতিৰ বাবে বিভাগীয় কৰ্তৃপক্ষই কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় গঞা ৰাইজে । স্কুল কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে বৃহত্তৰ অঞ্চলৰ ৰাইজৰ চলাচল ক্ষেত্ৰত বিষম অসুবিধাৰ সন্মুখীন হৈছে । পথটোৰ বাবেই গাওঁখনলৈ আহিব নোৱাৰে জৰুৰীকালীন সেৱাৰ বাহন । অতি শীঘ্ৰে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় বিধায়কক পথচোৱা পকীকৰণ কৰি যাতায়ত ব্যৱস্থা সুচল কৰাৰ আহ্বান জনায় ৰাইজে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ