
ধুবুৰী, ০৪ জুলাই (হি.স.): ধুবুৰী জিলাৰ চাপৰ সামূহিক চিকিৎসালয়ত বিগত কেইবামাহ ধৰি এক্স-ৰে সেৱা সম্পূৰ্ণৰূপে বন্ধ হৈ থকাত ৰোগীসকলে চূড়ান্ত দুৰ্ভোগৰ সন্মুখীন হৈছে । দৈনিক চিকিৎসাৰ বাবে অহা শতাধিক ৰোগীক এক্স-ৰে পৰীক্ষাৰ বাবে ব্যক্তিগত ডায়েগনষ্টিক চেণ্টাৰ অথবা দূৰ-দূৰণিৰ চিকিৎসালয়লৈ যাবলগীয়া হৈছে ।
চাপৰৰ বিস্তীৰ্ণ অঞ্চলৰ হাজাৰ হাজাৰ লোকে এই চিকিৎসালয়ৰ ওপৰত নিৰ্ভৰশীল। কিন্তু বিগত কেইবামাহ ধৰি চিকিৎসালয়খনৰ এক্স-ৰে সেৱা বন্ধ হৈ থকাত ৰোগীসকলক চৰম সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। বিশেষকৈ দুৰ্ঘটনাগ্ৰস্ত, হাড় ভঙা অথবা বুকুৰ বিভিন্ন ৰোগত আক্ৰান্ত ৰোগীৰ বাবে এক্স-ৰে পৰীক্ষা অতি প্ৰয়োজনীয়। কিন্তু চৰকাৰী চিকিৎসালয়ত এই সেৱা নোপোৱাত বহু লোকে ব্যক্তিগত প্ৰতিষ্ঠানত অধিক ধন ব্যয় কৰি পৰীক্ষা কৰাবলগীয়া হৈছে। আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসমূহৰ বাবে এই ব্যয় এক বৃহৎ বোজা হৈ পৰিছে । স্থানীয় ৰাইজৰ অভিযোগ ইমান দিন ধৰি এক্স-ৰে সেৱা বন্ধ হৈ থকাৰ পাছতো সমস্যাটো সমাধানৰ ক্ষেত্ৰত কোনো ধৰণৰ ভ্ৰুক্ষেপ নাই বিভাগীয় কৰ্তৃৃপক্ষৰ । অতি শীঘ্ৰে এক্স-ৰে সেৱা পুনৰ আৰম্ভ কৰিবলৈ বিভাগীয় কতৃপক্ষক দাবী জনায় ৰাইজে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ