
ডিব্ৰুগড়, ০৪ জুলাই (হি.স.): ৰাজ্যত এইবাৰ অবৈধ কাঠফলা মিল আৰু মেচিনৰ বিৰুদ্ধে তীব্ৰতৰ হ’ব ধৰিছে বন বিভাগৰ অভিযান। কোনো কাৰণতে সাৰি নাযাব অবৈধ কাঠৰ ব্যৱসায়ী। ৰাজ্যৰ বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অবৈধভাৱে চলি থকা কাঠফলা মেচিনসমূহ জব্দ কৰাৰ কঠোৰ নিৰ্দেশ জাৰি কৰাৰ পিছতেই এতিয়া সক্ৰিয় হৈ পৰিছে বন বিভাগ। মন্ত্ৰীৰ ঘোষণাৰ পাছতেই সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড় জিলাতো ডিব্ৰুগড় বন বিভাগে আৰম্ভ কৰিছে এক ধাৰাবাহিক অভিযান।
উল্লেখ্য যে, ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিনৰে পৰা একাংশ অসাধু চক্ৰই অবৈধভাৱে কাঠফলা মেচিন বহুৱাই চলাই আহিছিল কলা ব্যৱসায় । ডিব্ৰুগড় বন বিভাগে কালি সন্ধিয়া এক অভিযান চলাই জিলাখনৰ ৰমাই চেনিবিল গাঁৱৰ জনৈক 'গগৈ' উপাধিধাৰী এজন ব্যক্তিৰ বাৰীৰ পৰা এটা অবৈধ কাঠফলা মেচিন জব্দ কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে, ডিব্ৰুগড় জিলাত বৈধভাৱে কেৱল ৮০ টা কাঠফলা মেচিনৰহে চৰকাৰী অনুজ্ঞাপত্ৰ (License) আছে। নিয়মানুসাৰে কেৱল এই ৮০ টা মিলেহে কাঠ ফালিব পাৰে। কিন্তু এই নিয়মক বুঢ়া আঙুলি দেখুৱাই এচাম লোকে নিজৰ ঘৰতে বা বাৰীৰ চুকে-কোণে সংগোপনে অবৈধ মেচিন বহুৱাই চলাই গৈছে কাঠৰ ৰমৰমীয়া ব্যৱসায়।
বন বিভাগে স্পষ্ট কৰি দিছে যে, জিলাখনৰ চুকে-কোণে চলি থকা এনে প্ৰতিটো অবৈধ কাঠফলা মিল উচ্ছেদ নকৰা পৰ্যন্ত এই অভিযান স্তব্ধ নহয় । বন মন্ত্ৰীৰ কঠোৰ নিৰ্দেশ আৰু বন বিভাগৰ এই সক্ৰিয়তাই ডিব্ৰুগড়ৰ এই অবৈধ কাঠৰ কলা ব্যৱসায় সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ সক্ষম হয়নে নহয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হৈ পৰিব ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ