
ঢাকা, ০৪ জুলাই (হি.স.)। ম্যানমাৰৰ ৰাখাইন ৰাজ্যত সামৰিক সংঘৰ্ষ তীব্ৰতৰ হোৱাৰ সময়তে বাংলাদেশ-ম্যানমাৰ সীমান্তত উত্তেজনা বৃদ্ধি পাইছে । টেকনাফ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ বাসিন্দাসকলে আশংকা কৰিছে যে এই হিংসাত্মক পৰিস্থিতিৰ ফলত ৰহিংগীয়া শৰণাৰ্থীৰ নতুন লহৰ বাংলাদেশলৈ পলায়ন কৰিব পাৰে।
স্থানীয় বাসিন্দা আৰু ৰাখাইনত নিজৰ আত্মীয়ৰ সংস্পৰ্শত থকা ৰোহিংগীয়া শৰণাৰ্থীৰ মতে, বিগত দুদিন ধৰি সীমান্তৰ সিপাৰে অবিৰতভাৱে প্ৰচণ্ড গুলী আৰু বিস্ফোৰণৰ শব্দ শুনা গৈছে। খবৰ অনুসৰি ম্যানমাৰৰ সেনাই মাউংডাও, বুথিডাউং আৰু আৰাকান সেনাই নিয়ন্ত্ৰিত অন্যান্য অঞ্চলত সামৰিক অভিযান তীব্ৰতৰ কৰি তুলিছে।
সীমান্তৱৰ্তী অঞ্চলৰ শ্বাহ পোৰিৰ দ্বীপৰ বাসিন্দা শ্বাহ আলমে কয় যে বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে ঘৰবোৰ ভূমিকম্পৰ দৰে কঁপিছিল ।
কিন্তু বাংলাদেশ কৰ্তৃপক্ষই নাফ নদীৰ কাষেৰে বাংলাদেশত প্ৰৱেশৰ বাবে বৃহৎ সংখ্যক ৰহিংগীয়া অপেক্ষা কৰি থকা বুলি দাবী কৰা খবৰ নিশ্চিত কৰা নাই। বিষয়াসকলে কয় যে সীমান্তৰ পৰিস্থিতিৰ ওপৰত অহৰহ নিৰীক্ষণ কৰা হৈছে।
কক্স বজাৰৰ বালুখালী শৰণাৰ্থী শিবিৰৰ এজন ৰোহিংগীয়া সম্প্ৰদায়ৰ নেতাই কয় যে মাউংদাওৰ পৰিস্থিতি অত্যন্ত ভয়াৱহ, আৰু বহু পৰিয়ালে নিৰাপদ স্থান বিচাৰিছে।
বাংলাদেশত ইতিমধ্যে ম্যানমাৰত বছৰ বছৰ ধৰি চলি থকা হিংসাত্মক পৰিস্থিতিৰ সময়ত বিশেষকৈ ২০১৭ চনৰ গণ পলায়নৰ সময়ত ঘৰ-বাৰী এৰি পলায়ন কৰা ১০ লাখতকৈ অধিক ৰোহিংগীয়া শৰণাৰ্থীক আতিথ্য প্ৰদান কৰা হৈছে।
টেকনাফ মহকুমা প্ৰশাসনে জনোৱা মতে, কোনো নতুন অনুপ্ৰৱেশ আনুষ্ঠানিকভাৱে নিশ্চিত হোৱা নাই। ইফালে সীমান্তৰক্ষী বাংলাদেশ চমুকৈ বিজিবিয়ে নাফ নদীৰ লগতে অন্যান্য স্পৰ্শকাতৰ অঞ্চলত টহল বৃদ্ধি কৰিছে।
ইফালে ম্যানমাৰ সীমান্তত ক্ৰমাৎ বৃদ্ধি পোৱা সংঘাতে থাইলেণ্ডকো প্ৰভাৱিত কৰিছে। ম্যানমাৰৰ সেনা আৰু কেৰেন নেচনেল লিবাৰেশ্যন আৰ্মীৰ মাজত সংঘাতৰ সময়ত থাইলেণ্ডৰ টাক প্ৰদেশত সীমা অতিক্ৰম কৰি কিছু ঘৰৰ ক্ষতিসাধন হোৱাৰ পিছত থাইলেণ্ডৰ কৰ্তৃপক্ষই সকলো সীমান্ত ক্ৰছিং অনিৰ্দিষ্টকাললৈ বন্ধ কৰি দিয়াৰ লগতে অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰিছে।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ