
ভূপাল, ০৪ জুলাই (হি.স.)। দুদিনীয়া ভ্ৰমণৰ বাবে শনিবাৰে মধ্যপ্ৰদেশত উপস্থিত হৈছে ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ। প্ৰথম দিনাই ইন্দোৰৰ বুথ লেভেল অফিচ (বি এল অ’)ৰ সৈতে মত বিনিময় কৰিব আৰু দ্বিতীয় দিনা ওমকাৰেশ্বৰ আৰু মহেশ্বৰৰ বিভিন্ন ধৰ্মীয় স্থান পৰিদৰ্শন কৰিব।
জনসংযোগ বিষয়া আৰ আৰ পেটেলে কয় যে মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে আজি ইন্দোৰত উপস্থিত হ’ব আৰু লতা মংগেশকাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা বি এল অ’ সন্মিলনত অংশগ্ৰহণ কৰিব । ইয়াৰ সময়ছোৱাত তেওঁ ইন্দোৰ, উজ্জয়িন, দেৱাছ, ধৰ, আৰু খাণ্ডৱা জিলাৰ ১৫০০ৰো অধিক বিএলঅ’ৰ সৈতে মত বিনিময় কৰিব।
জনসংযোগ বিষয়াগৰাকীৰ মতে, কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত এয়া প্ৰথমবাৰৰ বাবে মধ্যপ্ৰদেশ ভ্ৰমণ । ইন্দোৰত বিএলঅ’ৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক আৰু আলোচনাৰ অন্তত দ্বিতীয় দিনা অৰ্থাৎ দেওবাৰে মুখ্য নিৰ্বাচন আয়ুক্তই ওমকাৰেশ্বৰ আৰু মহেশ্বৰ ভ্ৰমণ কৰিব । এই ভ্ৰমণৰ সময়ত তেওঁ ওমকাৰেশ্বৰস্থিত জ্যোতিৰ্লিংগ পৰিদৰ্শন কৰি মাতৃ নৰ্মদাক পূজা কৰিব, তাৰ পিছত তেওঁ ঐতিহাসিক মহেশ্বৰ দুৰ্গও পৰিদৰ্শন কৰিব। সন্ধিয়া ইন্দোৰৰ পৰা দিল্লী অভিমুখে ৰাওনা হ’ব মুখ্য নিৰ্বাচন আয়ুক্তগৰাকী ।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ