
নতুন দিল্লী, ০৪ জুলাই (হি.স.)। মেছেজিং প্লেটফৰ্ম টেলিগ্ৰাম আৰু চিগনেলৰ ইউজাৰনেম বৈশিষ্ট্যৰ সৈতে জড়িত জালিয়াতি আৰু ভুৱা পৰিচয়ৰ সম্ভাৱনাক লৈ কেন্দ্ৰীয় চৰকাৰে উদ্বেগ প্ৰকাশ কৰিছে। ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে দুয়োটা কোম্পানীকে জাননী জাৰি কৰি এই বৈশিষ্ট্যৰ সুৰক্ষা ব্যৱস্থা আৰু প্ৰয়োজনীয়তাৰ বিষয়ে স্পষ্টীকৰণ বিচাৰিছে।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মন্ত্ৰালয়ে টেলিগ্ৰামক ইয়াৰ ইউজাৰনেম বৈশিষ্ট্য অব্যাহত ৰখাৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ সৈতে জড়িত সম্ভাৱ্য চাইবাৰ বিপদ ৰোধৰ বাবে কোম্পানীটোৱে কি ব্যৱস্থা গ্ৰহণ কৰিছে সেই বিষয়ে ব্যাখ্যা কৰিবলৈ কয়। একেদৰে এই সন্দৰ্ভত চিগনেলৰ পৰাও বিতং তথ্য বিচৰা হৈছে।
শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে মেটাক ভাৰতত হোৱাটছএপৰ নতুন ইউজাৰনেম ফিচাৰ মুকলি কৰাৰ ক্ষেত্ৰত স্থগিত ৰাখিবলৈ কোৱাৰ সময়তে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। তিনিদিনৰ ভিতৰত এই বৈশিষ্ট্য সন্দৰ্ভত বিতং তথ্য প্ৰদান কৰিবলৈ আৰু আলোচনা সম্পূৰ্ণ নোহোৱালৈকে ইয়াক কাৰ্যকৰী কৰাৰ পৰা বিৰত থাকিবলৈ চৰকাৰে কোম্পানীটোক নিৰ্দেশ দিছে।
হোৱাটছএপে ইয়াৰ উত্তৰত কয় যে ইউজাৰনেম বৈশিষ্ট্যত ইতিমধ্যে ভুৱা পৰিচয় আৰু অনলাইন জালিয়াতিৰ আশংকা হ্ৰাস কৰাৰ বাবে ডিজাইন কৰা সুৰক্ষা ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে। এই বৈশিষ্ট্যৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে নিজৰ মোবাইল নম্বৰ শ্বেয়াৰ নকৰাকৈ একক ইউজাৰনেম ব্যৱহাৰ কৰি ইজনে সিজনৰ লগত সংযোগ স্থাপন কৰিব পাৰে।
ইফালে ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ সচিব এছ কৃষ্ণনে কয় যে এপলৰ এতিয়াও মুকলি নোহোৱা আইফোন ১৮ প্ৰ’ৰ সৈতে জড়িত কথিত তথ্য ফাদিলৰ তদন্তও চৰকাৰে চলাই আছে। তেওঁ কয় যে টাটা ইলেক্ট্ৰনিকছৰ পৰা চুৰি হোৱা বুলি অভিযোগ উত্থাপন কৰা নথি-পত্ৰৰ তদন্ত অব্যাহত আছে আৰু প্ৰাসংগিক তথ্য নিৰ্ণয় কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ