
বিশ্বনাথ, ০৪ জুলাই (হি.স.): বিশ্বনাথ জিলাৰ গহপুৰৰ কলাবাৰীৰ দলনিত ওৱলি যোৱা মৃতদেহ উদ্ধাৰ কৰা হৈছে। যোৱা ৫ মে' ৰ পৰা গহপুৰ কলাবৰী মিকিৰ বৰাচুকৰ ৭২ বছৰীয়া টেপুৰাম ভূঞা নিৰুদ্দেশ হৈ আছিল। পৰিয়ালৰ লোকে বহু বিচাৰ - খোচাৰ কৰিলে যদিও ব্যক্তিগৰাকীৰ কোনো সম্ভেদ নাপালে। অৱশেষত কালি বিয়লি প্ৰায় ২৮ দিনৰ অন্তত কলাবাৰীৰ উত্তৰ পহুকতাৰ জগৰা দলনিৰ মাজত নিৰুদিষ্ট টেপুৰাম ভূঞাৰ ওৱলি যোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হয় ।
ঘাঁহ কাটিবলৈ যোৱা স্থানীয় লোকে প্ৰত্যক্ষ কৰে ওৱলি যোৱা মৃতদেহটো । ইফালে টেপুৰাম ভূঞাই পৰিধান কৰা সাজ পোচাক প্ৰত্যক্ষ মৃতদেহটো টেপুৰাম ভূঞাৰ বুলি নিশ্চিত কৰে পুত্ৰই । ইতিমধ্যে, হাৱাজানৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ