জীৱিকাৰ সন্ধানত দুৰ্গম ৰাজ্যলৈ প্ৰব্ৰজন কৰি নিৰুদ্দেশ অসমৰ যুৱক
জীৱিকাৰ সন্ধানত দুৰ্গম ৰাজ্যলৈ প্ৰব্ৰজন কৰি নিৰুদ্দেশ অসমৰ যুৱক, কান্দি কান্দিছে পিতৃ-মাতৃ।
জীৱিকাৰ সন্ধানত দুৰ্গম ৰাজ্যলৈ প্ৰব্ৰজন কৰি নিৰুদ্দেশ অসমৰ যুৱক


কাছাৰ, ০৪ জুলাই (হি.স.): অসমৰ কাটিগড়াৰ মিন্টূ দাস নামৰ এগৰাকী ২৮ বছৰীয়া যুৱক চকুত ৰঙীন সপোন লৈ জীৱিকাৰ সন্ধানত দুৰ্গম ৰাজ্যলৈ প্ৰব্ৰজন কৰি নিৰুদ্দেশ হৈছে । এসপ্তাহ ধৰি পুত্ৰক বিচাৰি নোপোৱাত কান্দি কান্দি চকুৰ পানীৰে বাট নেদেখা হৈছে মিন্টূৰ পিতৃ-মাতৃয়ে । এই সন্দৰ্ভত মিণ্টূৰ পিতৃ গৌৰাং দাসে বৃহস্পতিবাৰে কাটিগড়া থানাত নিৰুদ্দেশৰ গোচৰ ৰুজু কৰে।

থানাত এফআইআৰ দাখিল কৰাৰ পিছত সংবাদ মাধ্যমক সবিশেষ দিওঁতে মিন্টু মাতৃয়ে কয় যে মিণ্টূৱে এমাহ পূৰ্বে তেওঁৰ চুবুৰীয়া বাপ্পন মালাকাৰৰ সহায়ত ৰাজস্থানলৈ গুচি গৈছিল । কিছুদিন সুকলমে কটোৱাৰ পিছত ২২ জুনত মিণ্টূৰ সহযোগী সাজু উদ্দিন চৌধুৰীৰ সৈতে জয়পুৰলৈ আহিছিল । তাৰ পৰা পিছদিনা ঘৰৰ লগত মোবাইলত কথা পাতিলে । তেতিয়াৰ পৰাই মোবাইলৰ চুইচ বন্ধ হৈ পৰে । আজি ১১ দিন পাৰ হৈ গ’ল মিণ্টূৰ কোনো খা–খৱৰ নাই বা ঘৰলৈ উভতি অহা নাই। অৱশেষত বিমোৰত পৰা পিতৃয়ে কাটিগড়া থানাৰ কাষ চাপিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande