
কোকৰাঝাৰ, ০৪ জুলাই (হি.স.): কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা টিপকাই নেপালী বস্তিত যোৱা কালি শুকুৰবাৰে নিশা বিদ্যুৎপৃষ্ঠ হৈ এটি গো-ধনৰ মৃত্যু হয় । বিদ্যুৎ বিভাগৰ ট্ৰেন্সফাৰ্মাৰত লাগি বিদ্যুৎপৃষ্ঠ হয় গো-ধনটো।
বিদ্যুৎ বিভাগৰ চৰম হেমাহীৰ বাবে সঘনাই গো-ধনৰ মৃত্যু হোৱাৰ অভিযোগ উঠিছে । ইফালে বিদ্যুৎ বিভাগে ট্ৰেন্সফাৰ্মাৰটো অসুৰক্ষিত অৱস্থাত ৰখাৰ অভিযোগ কৰে স্থানীয় ৰাইজে । স্থানীয় ৰাইজে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক অৱগত কৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ