
নতুন দিল্লী, ৩১ জুলাই (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ১ আগষ্টত অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকলৈ দিনজোৰা ভ্ৰমণলৈ যাব। এই ভ্ৰমণৰ সময়ত তেওঁ দুয়োখন ৰাজ্যৰ আন্তঃগাঁথনি, প্ৰযুক্তি আৰু সাংস্কৃতিক উন্নয়নৰ সৈতে জড়িত প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। লগতে তেওঁ ৰাষ্ট্ৰৰ বাবে কেইবাটাও প্ৰকল্প উচৰ্গা কৰিব।
প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তথ্য অনুসৰি কাইলৈ পুৱা প্ৰায় ১১ বজাত প্ৰধানমন্ত্ৰী মোদীয়ে অন্ধ্ৰপ্ৰদেশৰ বিজয়নগৰম জিলাৰ ভোগাপুৰমত থকা আল্লুৰি সীতাৰামা ৰাজু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ যাত্ৰী টাৰ্মিনেল ভৱন পৰিদৰ্শন কৰিব। প্ৰায় ১১:৩০ বজাত তেওঁ বিমানবন্দৰটো উদ্বোধন কৰিব আৰু ভোগাপুৰমত ১৭,৯০০ কোটি ₹ৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে তেওঁ সভাত ভাষণ দিবও। ইয়াৰ পিছত প্ৰায় ৩:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে মহীচুৰুৰ শ্ৰীৰামকৃষ্ণ আশ্ৰমত স্বামী বিবেকানন্দ সাংস্কৃতিক যুৱ কেন্দ্ৰ বিবেক স্মাৰক উদ্বোধন কৰিব। এই উপলক্ষে তেওঁ সভাত ভাষণ দিবও।
ইফালে, প্ৰধানমন্ত্ৰীয়ে বিশাখাপট্টনমত ₹৪৬০ কোটিৰো অধিক বিনিয়োগেৰে বিকশিত হৈ থকা এ এছ আই পি অৰ্ধপৰিবাহী প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। দক্ষিণ কোৰিয়াৰ এপিএচিটিৰ সৈতে অংশীদাৰিত্বৰে এএছআইপি টেকন’লজিছ প্ৰাইভেট লিমিটেডে এই উদ্যোগটো নিৰ্মাণ কৰিছে। ইণ্ডিয়া ছেমিকণ্ডাক্টৰ মিছনৰ অধীনত অনুমোদিত অন্ধ্ৰ প্ৰদেশৰ প্ৰথমটো অৰ্ধপৰিবাহী নিৰ্মাণ কাৰখানা।
ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি অন্যান্য প্ৰকল্পসমূহ দেশৰ বাবে উৎসৰ্গা কৰিব, যাৰ মূল্য ১,৮৮০ কোটি ₹ৰো অধিক। ৫,৬৪০ কোটি ₹তকৈ অধিক ব্যয়ৰে ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব (পিপিপি) মডেলৰ অধীনত বিকশিত এই গ্ৰীণফিল্ড বিমানবন্দৰটো বছৰি ৬০ লাখ যাত্ৰীক চম্ভালিব পৰাকৈ ডিজাইন কৰা হৈছে।
বিমানবন্দৰটোত কৃত্ৰিম বুদ্ধিমত্তা (এআই), বিল্ডিং ইনফৰ্মেশ্যন মডেলিং (বিআইএম), এয়াৰছাইড ৪.০ প্ৰযুক্তি, এয়াৰপৰ্ট প্ৰিডিক্টিভ অপাৰেচন চেণ্টাৰ (এপিঅ’চি), বায়’মেট্ৰিক যাত্ৰী প্ৰক্ৰিয়াকৰণ, স্বয়ংক্ৰিয় লটাৰী পৰিচালনা ব্যৱস্থা, আৰু বুদ্ধিমত্তাসম্পন্ন অপাৰেচনেল মনিটৰিং সমাধান আদি উন্নত প্ৰযুক্তিৰে সজ্জিত। এই ব্যৱস্থাসমূহে কাৰ্য্যকৰী দক্ষতা বৃদ্ধি কৰিব, যাত্ৰীৰ আৰাম আৰু সুৰক্ষা উন্নত কৰিব, আৰু সম্পদসমূহৰ উন্নত ব্যৱহাৰ কৰিব বুলি আশা কৰা হৈছে। সেউজ বিল্ডিং মানদণ্ড অনুসৰি ডিজাইন কৰা এই টাৰ্মিনেলটো আমেৰিকাৰ গ্ৰীণ বিল্ডিং কাউন্সিলত পঞ্জীয়ন কৰা হৈছে। অন্ধ্ৰ প্ৰদেশৰ সাংস্কৃতিক ঐতিহ্যৰ পৰা অনুপ্ৰাণিত এই বিমানবন্দৰৰ স্থাপত্যৰ ডিজাইন।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া