
নতুন দিল্লী, ৩১ জুলাই (হি.স.)। লোকসভাত শুকুৰবাৰে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে গ্ৰহণ কৰা ব্যৱস্থা আৰু ৰাম মন্দিৰৰ বাবে প্ৰণামী চুৰিক লৈ বিৰোধী সদস্যসকলে হুলস্থুলৰ সৃষ্টি কৰাৰ ফলত সদন সোমবাৰলৈ স্থগিত ৰাখিবলৈ বাধ্য হয়।
ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ কাৰ্যকলাপে কেন্দ্ৰীয় চৰকাৰক আক্ৰমণ অব্যাহত ৰাখিছে বিৰোধীয়ে। শুকুৰবাৰেও লোকসভা আৰু ৰাজ্যসভাত শাসক-বিৰোধী দলৰ মাজত সংঘাত অব্যাহত থাকে। ৰাজ্যসভাৰ পাছতে বিৰোধীৰ হুলস্থুলৰ বাবে ৩ আগষ্টৰ পুৱা ১১ বজালৈকে লোকসভাও স্থগিত ৰখা হয়। একক স্থগিতাদেশৰ পিছত দিনটোৰ বাবে স্থগিত ৰখা হৈছিল লোকসভা।
ইয়াৰ পূর্বে লোকসভাত হুলস্থুলৰ সৃষ্টি অব্যাহত আছিল৷ ইয়াৰ বাবে সদন পুনৰ আৰম্ভ হোৱাৰ লগে লগে দুপৰীয়া ১২ বজালৈ স্থগিত ৰখা হয়। সদন পুনৰ আৰম্ভ হোৱাৰ পিছতে হুলস্থুলৰ মাজতে লোকসভাই আলোচনা অবিহনে জন্ম-মৃত্যুৰ পঞ্জীয়ন সম্পৰ্কীয় আইন সংশোধন কৰা বিধেয়কখন গৃহীত কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া