
নতুন দিল্লী, ৩১ জুলাই (হি.স.)। মহান বিপ্লৱী তথা জালিয়ানাৱালা বাগ হত্যাকাণ্ডৰ প্ৰতিশোধ লোৱা চৰ্দাৰ উধম সিঙৰ শ্বহীদ দিৱসত শুকুৰবাৰে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে, আপ আহ্বায়ক অৰবিন্দ কেজৰিৱাল আৰু দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই তেওঁৰ অদম্য সাহস, দেশপ্ৰেম আৰু ত্যাগক স্মৰণ কৰি আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
মহান বিপ্লৱী চৰ্দাৰ উধম সিঙক শ্ৰদ্ধাঞ্জলি জনাই কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে কয় যে তেওঁ অদম্য সাহস আৰু দেশপ্ৰেমৰ প্ৰতীক। তেওঁ জাতিৰ প্ৰতি থকা ত্যাগ আৰু সমৰ্পণক স্মৰণ কৰি বিনম্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত লিখিছে, “অসীম দেশপ্ৰেম আৰু আচৰিত সাহসৰ নিদৰ্শন চৰ্দাৰ উধম সিঙক তেওঁৰ শ্বহীদ দিৱসত প্ৰণাম”। তেওঁ কয় যে জালিয়ানাৱালা বাগ হত্যাকাণ্ডৰ প্ৰতিশোধ লৈ ভাৰত মাতৃৰ এই প্ৰকৃত পুত্ৰই প্ৰতিজন ভাৰতীয়ক গৌৰৱান্বিত কৰিছিল। তেওঁৰ অদম্য সংকল্প আৰু মাতৃভূমিৰ প্ৰতি থকা প্ৰেম প্ৰতিটো প্ৰজন্মৰ বাবে জাতীয় সেৱাৰ চিৰন্তন প্ৰেৰণা হৈ থাকিব।
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই চৰ্দাৰ উধম সিঙৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে জালিয়ানৱালা বাগ হত্যাকাণ্ডৰ প্ৰতিশোধ লৈ তেওঁ সমগ্ৰ বিশ্বৰ আগত ভাৰতৰ আত্মসন্মান, সাহস, ন্যায়ৰ বাবে সংকল্প প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ ত্যাগ, বীৰত্ব আৰু সমৰ্পণে জাতিটোক সদায় অনুপ্ৰাণিত কৰিব।
উল্লেখযোগ্য যে ১৯৪০ চনৰ ১৩ মাৰ্চত লণ্ডনৰ কেক্সটন হলত চৰ্দাৰ উধম সিঙে পঞ্জাৱৰ তেতিয়াৰ লেফটেনেণ্ট গৱৰ্ণৰ মাইকেল অ’ডৱায়াৰক গুলীয়াই হত্যা কৰিছিল। ১৯১৯ চনৰ জালিয়ানৱালা বাগ হত্যাকাণ্ডৰ বাবে অ’ড্ৱায়াৰক দায়ী বুলি গণ্য কৰা হৈছিল। এই ঘটনাৰ পিছত জুলাইত উধম সিঙক গ্ৰেপ্তাৰ কৰি লণ্ডনৰ পেণ্টনভিল কাৰাগাৰত ১৯৪০ চনৰ ৩১ জুলাইত ফাঁচী দিয়া হৈছিল ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া