
ইম্ফল, ৩০ জুলাই (হি.স.)। মণিপুৰ আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে ২৯ জুলাইত পৃথক পৃথক অভিযানত অবৈধ অস্ত্ৰ সৰবৰাহত জড়িত দুগৰাকী মহিলা, এন ডি পি এছ আইনৰ অধীনত এজন অভিযুক্ত আৰু নিষিদ্ধ উগ্ৰপন্থী সংগঠন কে চি পি (নংড্ৰেনখোম্বা)ৰ এগৰাকী সক্ৰিয় মহিলা কেডাৰক গ্ৰেপ্তাৰ কৰে।
মণিপুৰ আৰক্ষী মুখ্য কাৰ্যালয়ে প্ৰদান কৰা তথ্য অনুসৰি বুধবাৰে ইম্ফল পূৱ জিলাৰ আন্দ্ৰো থানা এলেকাৰ শান্ত বজাৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰুহিদা বেগম (৪৬) আৰু ৰোহনা বেগম (১৮)ক। দুয়োৰে বিৰুদ্ধে অবৈধভাৱে অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী ক্ৰয়, পৰিবহণ, বিক্ৰীৰ সৈতে জড়িত হোৱাৰ অভিযোগ। তেওঁলোকৰ হাতৰ পৰা উদ্ধাৰ হয় এটা হেণ্ড গ্ৰেনেড, যিটো তেওঁলোকে সম্ভাৱ্য ক্ৰেতাক বিক্ৰী কৰিবলৈ আনিছিল বুলি অভিযোগ উঠিছে।
আন এক কার্যসূচীত আৰক্ষীয়ে কাংপোকপি জিলাৰ মটবুঙৰ সমীপৰ চৰাহাজাৰে অঞ্চলৰ পৰা সেনাপতি থানাত এন ডি পি এছ আইনৰ অধীনত ৰুজু হোৱা গোচৰৰ অভিযুক্ত আদিত্য ঢকাল (২৫) নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে। কংপোকপি জিলাৰ পানীখেতি ইৰাং দ্বিতীয় খণ্ডৰ বাসিন্দা।
ইফালে নিৰাপত্তা বাহিনীয়ে ইম্ফল পূৱ জিলাৰ প’ৰ’মপাট থানা এলেকাৰ খুৰাই হেইখৰুমাখং অঞ্চলৰ পৰা নিষিদ্ধ উগ্ৰপন্থী সংগঠন কেচিপি (নংড্ৰেনখোম্বা)ৰ সক্ৰিয় মহিলা কেডাৰ লুৱাংথেম ৰনিতা দেৱী ওৰফে ট’ৰ’ (২৪)ক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে এই গোচৰৰ অধিক তদন্ত অব্যাহত ৰাখিছে।
---------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ