
নতুন দিল্লী, ৩০ জুলাই (হি.স.)। উচ্চতম ন্যায়ালয়ে ধৰৰ ভোজশালা কমপ্লেক্সৰ গাতে লাগি থকা দৰগাহ ভূমিত মুছলমান সমাজক জুমাৰ নামাজ পঢ়াৰ অস্থায়ী অনুমতি প্ৰদান কৰিছে। মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত গঠিত বিচাৰপীঠে মধ্যপ্ৰদেশ চৰকাৰক আদালতৰ নিৰ্দেশ মানি চলিবলৈ প্ৰয়োজনীয় ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে।
উচচতম ন্যায়ালয়ে মুছলমান সম্প্ৰদায়ৰ নামাজৰ বাবে ৫৯৬ নং খছৰাত ভূমি বাছনি কৰিছে। এই ভূমি ভোজশালাৰ গাতে লাগি থকা দৰগাহৰ বুলি চিনাক্ত কৰা হৈছে।
মুছলমান পক্ষই আৱেদন দাখিল কৰি তেওঁলোকক ভোজশালাৰ গাতে লাগি থকা ঠাই আবণ্টন দিবলৈ দাবী জনাইছিল। আবেদনখনত উল্লেখ কৰা হৈছে যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ বিপৰীতে বৰ্তমান জিলা প্ৰশাসনে ব্যৱস্থা কৰা ভূমি বিবাদিত ধৰ্মীয় স্মৃতিসৌধটোৰ পৰা প্ৰায় এক কিলোমিটাৰ দূৰত্বত। ফলস্বৰূপে উপাসকসকলে জুম্মাৰ নামাজ আদায় কৰিবলৈ তালৈ যাবলৈ বাধ্য হয়।
১৪ জুলাইত উচ্চতম ন্যায়ালয়ে ৰায় দিছিল যে ভোজশালা কমপ্লেক্সৰ ভিতৰত মুছলমান সম্প্ৰদায়ক নামজ আগবঢ়াবলৈ দিয়া নহ’ব। উচ্চতম ন্যায়ালয়ে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰে। মুছলমান পক্ষই উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পূৰ্বে যথাৰ্থ অৱস্থা পুনৰ ঘূৰাই পোৱাটো বিচাৰিছিল যদিও উচ্চতম ন্যায়ালয়ে তেনে কৰিবলৈ অস্বীকাৰ কৰিছিল। উচ্চতম ন্যায়ালয়ে প্ৰতি শুকুৰবাৰে নামাজ প্ৰদানৰ বাবে ভোজশালা কমপ্লেক্সৰ সমীপত এটা স্থান প্ৰদান কৰিবলৈ চৰকাৰক নিৰ্দেশ দিছে। প্ৰতি শুকুৰবাৰে দিনৰ ১ বজাৰ পৰা ৩ বজাৰ ভিতৰত নমাজ অনুষ্ঠিত হ’ব।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ