চকুৰ চিকিৎসাৰ বাবে বিদেশ ভ্ৰমণৰ অনুমতি বিচাৰি উচ্চতম ন্যায়ালয়ত আবেদন অভিষেক বেনাৰ্জীৰ
নতুন দিল্লী, ৩০ জুলাই (হি.স.)। তৃণমূল কংগ্ৰেছৰ সাংসদ অভিষেক বেনাৰ্জীয়ে চকুৰ চিকিৎসাৰ বাবে বিদেশ্য ভ্ৰমণৰ অনুমতি বিচাৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে। ইয়াৰ পূৰ্বে কলিকতা উচ্চ ন্যায়ালয়ে তেওঁক বিদেশ ভ্ৰমণৰ অনুমতি দিবলৈ অস্বীকাৰ কৰিছিল। অহা
सुप्रीम कोर्ट (फाइल फोटो)


নতুন দিল্লী, ৩০ জুলাই (হি.স.)। তৃণমূল কংগ্ৰেছৰ সাংসদ অভিষেক বেনাৰ্জীয়ে চকুৰ চিকিৎসাৰ বাবে বিদেশ্য ভ্ৰমণৰ অনুমতি বিচাৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে। ইয়াৰ পূৰ্বে কলিকতা উচ্চ ন্যায়ালয়ে তেওঁক বিদেশ ভ্ৰমণৰ অনুমতি দিবলৈ অস্বীকাৰ কৰিছিল। অহা ৩ আগষ্টত উচ্চতম ন্যায়ালয়ে এই আবেদনৰ শুনানি গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

২০ জুলাইত কলিকতা উচ্চ ন্যায়ালয়ে বেনাৰ্জীৰ আবেদন খাৰিজ কৰে। বেনাৰ্জীয়ে চকুৰ উন্নত চিকিৎসাৰ বাবে বিদেশ ভ্ৰমণৰ অনুমতি বিচাৰিছিল। উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশক প্ৰত্যাহ্বান জনাইছে বেনাৰ্জীয়ে।

শেহতীয়াকৈ পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ সময়ত বেনাৰ্জীয়ে দিয়া প্ৰজ্বলনমূলক ভাষণৰ বাবে গোচৰ চলি আছে। বেনাৰ্জীৰ আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে তেওঁক চকুৰ চিকিৎসাৰ বাবে বহিঃৰাজ্যলৈ যোৱাৰ পূৰ্বে কলকাতাৰ চৰকাৰীভাৱে পৰিচালিত এছ এছ কে এম হাস্পতালত চিকিৎসা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

অভিষেক বেনাৰ্জীয়ে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰি কয় যে তেওঁক প্ৰয়োজনীয় চিকিৎসা বৰ্তমান ভাৰতত উপলব্ধ নহয় আৰু সেয়েহে তেওঁক চিকিৎসাৰ বাবে বিদেশলৈ যাবলৈ দিয়া উচিত।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande