
নতুন দিল্লী, ৩০ জুলাই (হি.স.)। সংসদৰ বৰ্ষাকালিন অধিৱেশনৰ সময়ত বৃহস্পতিবাৰে ৰাজ্যসভাত হুলস্থুলৰ মাজতে শাসকীয় দল আৰু বিৰোধীৰ মাজত পুনৰ সংঘাত হয়। ৰাজ্যসভাত জিৰ’ আৱাৰৰ সময়ত সদনৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নড্ডাই বিৰোধীয়ে উত্থাপন কৰা সকলো বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ চৰকাৰ সম্পূৰ্ণ সাজু বুলি উল্লেখ কৰে। বিৰোধীয়ে অৰ্থপূৰ্ণ বিতৰ্কত লিপ্ত হোৱাৰ পৰিৱৰ্তে দায়িত্বহীন মনোভাৱ গ্ৰহণ কৰি কাৰ্য্যবিধি বিঘ্নিত কৰাৰ অভিযোগ উত্থাপন কৰে।
নড্ডাই বিৰোধীৰ ভূমিকা নেতিবাচক হোৱা বুলি উল্লেখ কৰে। প্ৰতিটো বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ চৰকাৰ সাজু যদিও বিৰোধীয়ে এনেদৰে সদনত বাধা দিয়াটো গৰিহণাদায়ক। ইফালে কংগ্ৰেছ নেতা প্ৰমোদ তিৱাৰীয়ে ৰাজ্যসভাত উল্লেখ কৰে যে বিৰোধীয়ে সদন সুচাৰুৰূপে চলিব বিচাৰে, কিন্তু ছাত্ৰ প্ৰতিবাদকাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহে এক বক্তব্য প্ৰদান কৰিব লাগে।
প্ৰমোদ তিৱাৰীৰ এই দাবীৰ পিছতে বিৰোধী সাংসদসকলে অমিত শ্বাহ সদনলৈ আহক বুলি দাবী উত্থাপন কৰি সদনত ব্যাপক হুলস্থুলৰ সৃষ্টি কৰে। বিৰোধী সদস্যৰ অব্যাহত থকা প্ৰতিবাদৰ বাবে হুলস্থুলৰ মাজতে ৰাজ্যসভাৰ কাৰ্যসূচী অব্যাহত থাকে। বিৰোধী সদস্যসকলে সদনত কুঁহিয়াৰ খেতিয়ক আৰু ৱান নেচন, ৱান মেট্ৰ’ কাৰ্ডৰ দাবীকে ধৰি বিভিন্ন বিষয় উত্থাপন কৰে।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ