এক কিলোগ্ৰামৰো অধিক সন্দেহযুক্ত হেৰ’ইনসহ আটক অসমৰ সৰবৰাহকাৰী, কেচিপিৰ দুজন উগ্ৰপন্থী আটক
ইম্ফল, ৩০ জুলাই (হি.স.)। ড্ৰাগছ সৰবৰাহ আৰু বিদ্ৰোহৰ বিৰুদ্ধে চলি থকা অভিযানৰ অংশ হিচাপে মণিপুৰৰ নিৰাপত্তা বাহিনী আৰু আৰক্ষীয়ে এক কিলোগ্ৰামৰো অধিক সন্দেহযুক্ত হেৰ’ইন জব্দ কৰাৰ লগতে পৃথক অভিযানত অসমৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। লগতে নিষিদ্ধ কাংগলেইপা
The images Shared by Manipur Police.


ইম্ফল, ৩০ জুলাই (হি.স.)। ড্ৰাগছ সৰবৰাহ আৰু বিদ্ৰোহৰ বিৰুদ্ধে চলি থকা অভিযানৰ অংশ হিচাপে মণিপুৰৰ নিৰাপত্তা বাহিনী আৰু আৰক্ষীয়ে এক কিলোগ্ৰামৰো অধিক সন্দেহযুক্ত হেৰ’ইন জব্দ কৰাৰ লগতে পৃথক অভিযানত অসমৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। লগতে নিষিদ্ধ কাংগলেইপাক কমিউনিষ্ট পাৰ্টিৰ দুজন সক্ৰিয় উগ্ৰপন্থীকো গ্ৰেপ্তাৰ কৰা হয়।

বৃহস্পতিবাৰে সেনাপতি জিলাৰ সেনাপতি থানা এলেকাৰ টি-খুলেন চেকপোষ্টত এন এল-০৭চিচি-২৫১০ নম্বৰৰ এখন বগা ৰঙৰ বলেৰ’ গাড়ী ৰখাই তালাচী চলায় । বাহনখনৰ যাত্ৰী আল উদ্দিন (৩৩) নামৰ মৰিগাঁও জিলাৰ বাসিন্দাক গ্ৰেপ্তাৰ কৰে। তেওঁৰ হাতত ১.১২০ কিলোগ্ৰাম সন্দেহযুক্ত হেৰ’ইন আৰু নগদ ৫ হাজাৰ ₹ উদ্ধাৰ কৰা হৈছে।

ইয়াৰ উপৰিও ২৯ জুলাইত মণিপুৰ আৰক্ষীয়ে থৌবাল জিলাৰ খংজোম থানা এলেকাৰ ৰাষ্ট্ৰীয় ঘাইপথ ২ৰ খোংজোম অঞ্চলৰ পৰা নিষিদ্ধ কেচিপি (এমএফএল)ৰ সক্ৰিয় সদস্য মাইবাম ৰাজকুমাৰ সিং ওৰফে চিংকাং (২৮)ক গ্ৰেপ্তাৰ কৰে। তেখেতৰ ঘৰ তেন্থা মাঠাক লেইকাইত বুলি কোৱা হৈছে ।

২৯ জুলাইতো এক পৃথক অভিযানত নিৰাপত্তা বাহিনীয়ে ইম্ফল পশ্চিম জিলাৰ ইম্ফল থানা এলেকাৰ থাংমেইবাণ্ড পোলেম লেইকাইত থকা কেচিপি (নংড্ৰেনখোম্বা) ফৈদৰ সক্ৰিয় সদস্য লেইছাংথেম লামংগনবা সিং ওৰফে নুংছিবা ওৰফে নাওবা (২৩)ক গ্ৰেপ্তাৰ কৰে।

-----------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande